প্ৰেমৰ বেহেলা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

প্ৰেমৰ বেহেলা

 

প্ৰেমৰ বেহেলা


কল্পনা পেগু


    স্কুল চুটিৰ পিছত বনানিয়ে গেটৰ তলা লগাই ঘৰলৈ দুখোজমান দিছিলহে মাত্ৰ বেগত থকা মোবাইলটো কাতৰ সুৰত বাজি উঠিল। তাই ততা-তয়াকৈ মোবাইলটো উলিয়াই চাই দেখিলে স্ক্ৰিনত নীলাভৰ ফোন ।ৰিচিভ কৰি তাই সুধিলে — ক’ত পালাহি ?

                মই বজাৰত ।

              কি তুমি মোক নিবলৈ অহা নাই তাৰমানে ?

        বনানিৰ প্ৰশ্নৰ উত্তৰ নিদি নীলাভৰ প্ৰশ্ন — কি লৈ যাম বজাৰৰপৰা ?

        বনানিয়ে টুইটকৈ ফোনটো কাটি খৰ খোজেৰে ঘৰলৈ বুলি আগবাঢ়িল আৰু মুখেৰে ভোৰভোৰালে - সময়ৰ প্ৰতি কোনো কাণ্ড জ্ঞান নাই তাৰ। সকলো স্কুলৰপৰা গুচি যোৱাৰ পিছত তাই আকৌ তাতে বোন্দাপৰ দি থাকিবনে ?

        বাটতে স্কুলৰপৰা ল'ৰা নিবলৈ অহা ভাস্বতীয়ে বনানিক অকলে আহি থকা দেখি সুধিলে – আজি খোজেৰে যে নীলাভ নাই নেকি ? তাইৰ উত্তৰলৈ বাট নাচাই স্কুটিৰে ভাস্বতীয়ে সাউতকৈ তাইৰ কাষেৰেই পাৰ হৈ গ’ল । কিছু দুূৰ আগবাঢ়ি অহাৰ পাছত আকৌ ভাস্বতীৰ চিঞৰ শুনি বনানিয়ে উভতি চাই দেখিলে ল'ৰা লৈ অহা ভাস্বতীৰ লগতে তাইৰ গিৰিয়েক উদ্যমো বাইক এখন লৈ আহি তাইৰ কাষতে ৰ'লহি। বনানিক উঠাই আনি তাইৰ ঘৰৰ ওচৰৰ নামঘৰৰ চুকতে থৈ উদ্যম গ’লগৈ। তাই নিজৰ পদূলি পোৱাৰ আগতেই নীলাভ আহি আগভেটা দি ক’লে – উঠা উঠা । তাই কেৰাহীকৈয়ো নাচালে তালৈ।

         “কাৰ লগত আহিলা কোৱাচোন ? খোজ কাঢ়িয়েই আহিলানে ইমান দূৰ ?”

                বনানিৰপৰা একো উত্তৰ নাপাই নীলাভে খঙতে জোৰেৰে বাইকৰ এক্সেলাৰেটৰ  দবাই ঘৰলৈ বেগেৰে গুচি আহিল।

          ঘৰলৈ  আহি হাত-মুখ ধুই  খন্তেক জিৰাবলৈ বুলি বিছনাত পৰিল বনানি।কিছু সময়ৰ পিছত  সেমেনা-সেমেনিকৈ নীলাভো আহিল বিছনাখনলৈ। এইবাৰ অলপ ভণিতা লগাই অতি নম্ৰ সুৰত সুধিলে - “অয়নৰ আইতাকক লগ পাইছিলো বাটতে, তেওঁলোকৰ লগত আহি থাকোতে কোনোবা এজন বাইক আৰোহীৰ লগত তুমি গুচি আহিলা বুলি ক'লে কোন আছিল নি ?”

        নীলাভৰ যন্ত্ৰনা কাতৰ মাতষাৰ শুনি আৰু অলপ জ্বলোৱাৰ উদ্দেশ্যেৰে তাইৰ হাঁহি উঠা মুখখন ঘূৰাই ক'লে - ময়ো ভালকৈ চিনি নাপাওঁ। তোমাৰ ওপৰত মোৰ খং উঠি আছিল বাবে উঠি আহিলোঁ। পাঁচ আলি ফালৰ আছিল নেকি? আগতে এবাৰ মাতি পাইছো বাৰু। তাই তাৰ কথাৰ উত্তৰ দিয়া বাবে উৎসাহেৰে সি কৈ উঠিল - প্ৰাঞ্জল, ভাস্কৰ দীপক নেকি ? 

           নহয় অ’ বুলি কৈ টোপনি যোৱাৰ অভিনয় কৰিলে তাই। সেই কৌশল নীলাভৰপৰাই  শিকিছে।

           এইবাৰ নীলাভৰ আৰু সহ্য নহ'ল।গাৰ জোৰেৰে তাইৰ দুই বাউসীত ধৰি তাৰ ফালে টানি আনিলে – কোৱা কোৱা কোন আছিল ?

          মুখ টিপি টিপি হাঁহি থকা বনানিয়ে খং অভিমানত ৰঙা পৰি যোৱা তাৰ মুখখন দেখি লাহেকৈ ক’লে–

           উদ্যম, ভাস্বতীৰ গিৰিয়েক, এতিয়া হ’লনে ?

   নিমিষতে জহৰ দিনৰ বতৰৰ দৰে নীলাভৰ ক'লা মেঘে আৱৰি ৰখা মুখখন ফৰকাল হৈ পৰিল। বনানিয়ে ছেগ বুজি নীলাভৰ বুকুত সোমাই বহু বিৰতিৰ অন্তত তাৰ ওঁঠৰ বাঁহীটিৰ দৰে বুকুৰ বেহেলাৰ সুৰ শুনি নিচিন্তে টোপনি গ’ল।    


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages