সময় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

সময়


 সময়


দীপালি বৰ্মণ

গুৱাহাটী


     মাত্ৰ দুই মিনিটৰ ব্যৱধান। সজোৰে গেটখন বন্ধ কৰি দিলে গাৰ্ডজনে। দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত মেধাৱী নেহাই নীট পৰীক্ষা দিবলৈ সাজু হৈছিল। নেহাই চকুৰে ধুৱলী-কুঁৱলী দেখিলে। তাইৰ এনে লাগিল যেন তাইৰ ভৱিষ্যত এন্ধাৰ দৈত্যৰ হাতত জোৰেৰে বান্ধ খাই পৰিল। তাই চকুপানী ৰোধ কৰিব নোৱাৰা হ’ল। সময়ে যেন তাইক হৰুৱালে। তেতিয়া দেউতাকে তাইক মূৰত হাত বুলাই অভয় দিলে, জীৱনটো পৰীক্ষা। থমকি ৰলে নহ’ব। 

     একেদৰেই নেহা আজি সাক্ষাৎকাৰ দি ওলাই আহিল ইছৰোৰ পৰা। সময়ক প্ৰাধান্য দি তাই আগতকৈ বেছি অনুশীলন কৰিলে আৰু তাই সফল হ’ল জীৱনৰ পৰীক্ষাত। দেউতাকৰ উপদেশ তাই মন্ত্ৰ কৰি জপিলে, ডাক্তৰ হোৱাই জীৱন নহয়, আৰু বহু পথ আছে জীৱনত। লাগে মাথোঁ নিৰন্তৰ প্ৰয়াস।


Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages