সপোন-ঘৰ
গাৰ্গী ভূঞা
যোৰহাট
প্ৰথমে,
কাৰোবাৰ অস্পষ্ট উপস্থিতিৰ ৰেখাডাল
এক আকাৰহীন নীৰৱতাই সাবটি ধৰি ৰাখে !
চিনাকি হ’বলৈ আগবাঢ়ি অহা স্পৰ্শনবোৰ,
আৰু আত্মীয়তাৰ দিশে এঢলীয়া হৈ পৰা
চাৱনীবোৰো !
সেই সময়ত
শব্দবোৰে নিজৰ অৰ্থৰ দুৱাৰ বিচাৰি নাপায় !
আৰু ময়ো, নতুন ঘৰখনৰ পদূলিত বিচাৰি নাপাও
স্মৃতিৰ তিনিকোণীয়া শিল!
আলম-বিলমকৈ চাৰি বেৰৰ মাজত
অপৈণত অনুভৱবোৰ তপত হৈ সৰ হৈ উঠে,
আৰু এটি কবিতা-পিপাসু মনে
অদৃশ্য কোনো সুৰৰ আলমত
এটি কবিতা বিচাৰি ফুৰে!
তাৰপাছত, লাহেকৈ
নীৰৱতাৰো মাত ফুটে।
উশাহবোৰে ছন্দ শিকে,
দিনবোৰে শব্দৰ আঁচল পিন্ধে,
আৰু ৰাতিবোৰে মেৰিয়াই লয়
এটি অলক্ষ্য কবিতা!
আচলতে,
কবিতাকো পোহ মানিবলৈ কিছু সময় লাগে,
যিদৰে সময় লাগে
এগৰাকী নৱ-বিবাহিতাক
এখন ঘৰ আপোন কৰিবলৈ...!
Doksiri দকচিৰি, জুন, ২০২৬

No comments:
Post a Comment