নাৰীৰ পৃথিৱী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, June 1, 2026

নাৰীৰ পৃথিৱী


নাৰীৰ পৃথিৱী


                   জ্যুচেং অই চাংমাই

                                 ধেমাজি


সভ্যতাৰ আদিম পাঠশালাত

নাৰীবোৰ ৰৈ গৈছিল

ঘড়ীৰ এক নিৰ্দিষ্ট কাঁটাত।

জী থাকিবলৈ শিকি লৈছিল

পোহৰ নপৰা এখন ওলোটা পৃথিৱীত।


নাৰীৰ জী থকাৰ আকাশত

উৰি ফুৰা নাছিল সেউজীয়া বালিমাহী,

ভালপাবলৈ শিকি লৈছিল সেয়ে হেনো

চেতাৰত বাজি থকা দুখৰ সেই আৱহ সংগীত...।


সূৰ্য নামি অহা দুপৰীয়াবোৰত

নাৰীয়ে নিজকে নিজেই চিকুটি চাইছিল,

কিদৰে পৰ দি ৰৈ থাকে

এন্ধাৰৰ চোলা পিন্ধি

বৰণহীন দুখৰ!


জোনাকী পৰুৱাৰ পোহৰত 

পোহৰ হোৱা এন্ধাৰবোৰলৈ

ভয়‌ কৰে নাৰীবোৰে;


যদি কবি প্ৰণৱ কুমাৰ বৰ্মণৰ

“ভোক আৰু ভালপোৱাৰ টোকাবহীত”

কণমানিজনীৰ প্ৰাৰ্থনাৰ দৰেই আকৌ 

লিপিবদ্ধ হয় আন এগৰাকী নাৰীৰ 

যন্ত্ৰণাৰ জীৱন্ত কাহিনী।


ভয় কৰে নাৰীবোৰে

চাবলৈ আইনাত নিজৰ প্ৰতিবিম্ব,

কেনেকৈ সমাধিস্থ কৰি থাকে অহৰহ

নিজৰ গৰ্ভজাত সপোনৰ ন ন গজালি।

অথচ কি আচৰিত !


অপ্ৰিয় সত্য—

নাৰীবোৰ দুখী হৈ থাকে নাৰীৰ বাবে,

নাৰীৰ ভৰিৰ শিকলিয়ো

নাৰীবোৰে নিজেই বান্ধে;

আনকি নাৰীৰ আদি পাঠো

নাৰীয়েই নাৰীক নিজেই দিয়ে।


Doksiri দকচিৰি, জুন, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages