জীৱন
ববী দত্ত
টীয়ক
মই ফটা জোতা এযোৰ পিন্ধি গৈ আছোঁ
গৈ আছোঁ,
বহুদূৰ গৈ আছোঁ আৰু গৈ থাকিম
জোতাত সোমাই মোক আমনি কৰা শিলগুটি দুটামান আঁতৰাই মই নিজকে সুধিছোঁ
মই বাৰু কলৈ গৈ আছোঁ?
মই কিয় গৈ আছোঁ?
অভিশাপৰ দিনবোৰ ঘৈয়াই ঘৈয়াই মই গৈ আছোঁ
তেজবোৰ দেখোন মুগা বৰণীয়া
গোন্ধটোও পুৰণি হৈছে
পতান পকেটৰ প্ৰেমৰ সুহুৰিৰ কি মূল্য আছে?
চন্দ্ৰাৱলী হাঁহি দুটামান ওঁঠত পিন্ধিবলৈ বৰ মন যায় অ’
কিন্তু ওঁঠত আঠা নাই
নৰয়,সুলকি পৰিব । ফাগুনৰ পকা পাত সৰাৰ দৰে
মোৰ দুচকুত যে ফাগুন নাই
বুকুত যে আঘোণ নাই
আৰু মুখত নাই বাসন্তীৰ অনাবিল সৌন্দৰ্য।
আপোনাৰ তেজাল হাতৰ তলুৱাখনত মই মোৰ
পৃথিৱীখন আঁকি চাব বিচাৰোঁ
নজহা নপমা পৃথিৱীৰ সুখ
আপুনি বা মোক কি বুলি ভাবিছে
মৰিজাজী নে জাহ্নৱী
ৰাধা নে উৰ্মিলা ?
মোৰ মুখত এখন বিকৃত মানচিত্ৰ সকলোৱে দেখা পায়
ঠিক মোৰ সংগীয়ে দেখি ঘোষণা পত্ৰ পাঠ কৰাৰ দৰে
মূৰৰ ওপৰত ৰখা হৈছে এটা ফটা ছাতি
ইচ্ছাৰে আকাশখন চাব পৰাকৈ মই সদায় প্ৰস্তুত
ৰ'দ আৰু বৰষুণৰ খেলা
ছাঁ আৰু পোহৰৰ মেলা মোৰ আজন্ম সংগী
উকা ! উকা মোৰ বুকু সদায় উকা।কিন্তু
মই বতাহত হাউলি নপৰা চেচুকৰ ডেমদেউকা।
Doksiri দকচিৰি, জুন, ২০২৬

No comments:
Post a Comment