মোৰ প্ৰিয় দেশৰ ঋতুপৰিবৰ্তন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, June 1, 2026

মোৰ প্ৰিয় দেশৰ ঋতুপৰিবৰ্তন

 


মোৰ প্ৰিয় দেশৰ ঋতুপৰিবৰ্তন


অমল দাৱ 

বোকাখাত 


পলাশ মদাৰ শিমলু ফুল বোৰ নৌ মৰহোতেই 

আহু তলিলৈ যৌৱন নামে

দিচৈখন যৌৱনৰ ভৰত  উফন্দে

এজাক বৰষুণৰ পৰশত লঠঙা গছে কুঁহিপাত মেলে 


তেতিয়া মই 

গৰখীয়া নিতম 

তই- চমান 

আকাশ বতাহ আমাৰ লৃগাং 


এনেকৈয়ে  পায়হি বহাগ

নীলা আকাশত  বগা বগা নীৰমুখী বগলীজাক  ৰিনি ৰিনি দূৰৈৰ বাঁহনীলৈ উৰে 

মেঘে গাজনীয়ে উন্দুলাই আহে বতৰ

নৈ-ত গড়া খহে 


ধুমুহা এজাক হৈ পহিলা বহাগত বৰদৈচিলাই উৰুৱাই নিয়ে-

বিধস্ত হয় সপোন 

ঠানবান হয় -

হৃদয়

তথাপিও মাধৈ মালতী তগৰ কপৌৰ সুবাসত 

সপোনে ন-কৈ পোঁখা মেলে

 

বৰ অনুপম মোৰ প্ৰিয় দেশ  আৰু 

মোৰ দেশৰ  ঋতুপৰিবৰ্তন


Doksiri দকচিৰি, জুন, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages