আধুনিকতাৰ যুগত নিজক নিছিনিলো - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

আধুনিকতাৰ যুগত নিজক নিছিনিলো


 আধুনিকতাৰ যুগত নিজক নিছিনিলো


                                             দিপেন টাইদ

                                     লাইবিল, শিৱসাগৰ


আধুনিকতাৰ এই আলোকিত আঁধাৰত

আমি নিজেই হেৰাই যাওঁ নীৰৱে,

স্ক্ৰীণৰ পোহৰত চকু জ্বলি উঠে,

কিন্তু অন্তৰটো থাকে আন্ধাৰেই।


হাতত আছে দুনীয়াখন,

তথাপিও নিজক ধৰা নাযায়,

হাজাৰ মুখৰ মাজত হাঁহি থাকিলেও

নিজৰ মুখখন চিনা নাযায়।


তুলনাৰ জুইত সপোন জ্বলে,

আনৰ জীৱনেই যেন নিজৰ লক্ষ্য,

নিজৰ পথটো আঁধাৰ হৈ পৰে,

আনৰ ৰাস্তাতেই হয় আমাৰ যাত্ৰা।


সময়ে ধৰে দৌৰ, আমি দৌৰি যাওঁ,

নিজৰ লগত থমকি নাথাকোঁ কেতিয়াও,

মনেৰে কোৱা কথা নুশুনো,

নীৰৱ কান্দোনো বুজি নাপাওঁ।


সমাজৰ ভয়ত মুখ পিন্ধো,

সঁচা নিজটো ঢাকি ৰাখোঁ,

এদিন নিজেই নিজক সোধো,

“মই কোন?”—উত্তৰ নাপাওঁ।


কিন্তু এতিয়াও দেৰি হোৱা নাই,

নিজলৈ উভতি যোৱাৰ পথ আছে,

নীৰৱতাত নিজক বিচাৰি ল’লে

হেৰাই যোৱা আত্মাও উভতি আহে।


যুগ সলনি হব, সময় উৰি যাব,

কিন্তু তুমি যদি নিজেই হৈ থাকিবা,

তেন্তে এই পৃথিৱীৰ মাজত

তোমাৰ অস্তিত্ব কেতিয়াও নেহেৰাব।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages