মই কোন...?
শিখা তামূলী
ছয় মাইল -২২
হঠাতে দেখা হ’ল তেওঁৰ লগত
এটা পুৰণি বাটৰ কেকুৰিত;
চকুত চকু পৰোতে
সময় অলপ থমকি ৰ’ল
“কেনে আছা?”
তেওঁ সুধিলে
মই মাথোঁ হাঁহিলোঁ নীৰৱে।
কাৰণ তেওঁৰ নামটো এতিয়াও
জীয়াই আছে হৃদয়ৰ চন্দুকত ।
বৰষুণৰ দৰে আহিছিলা
আৰু ধুমুহাৰ দৰে গুচি গ’লা।
গধূলিৰ আকাশত
এতিয়াও তোমাক বিচাৰি ফুৰোঁ অজানিতে ।
জোনাক ৰাতিয়েও মোক প্ৰশ্ন কৰে
তোমাৰ হৃদয়ত তেওঁ
তেওঁ হৃদয়ত কোন ?
উত্তৰ বৰ জটিল
তেওঁৰ স্মৃতিত এতিয়া মই অপৰিচিত ...(!)
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment