দক্ষ বৃত্তি (Skilled Trades): দক্ষতাই গঢ়ি তোলা কেৰিয়াৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 1, 2026

দক্ষ বৃত্তি (Skilled Trades): দক্ষতাই গঢ়ি তোলা কেৰিয়াৰ

 

দক্ষ বৃত্তি (Skilled Trades): দক্ষতাই গঢ়ি তোলা কেৰিয়াৰ


ড° বুলজিৎ বুঢ়াগোহাঁই


    জিৰ দ্ৰুতগতিত পৰিৱৰ্তিত পৃথিৱীখনত কেৱল শৈক্ষিক ডিগ্ৰী থকাটোৱেই সফল কেৰিয়াৰৰ নিশ্চয়তা নিদিয়ে। উদ্যোগ, উৎপাদন, নিৰ্মাণ, তথ্য প্ৰযুক্তি, স্বাস্থ্যসেৱা, কৃষি, শক্তি, আতিথ্য আদিকে ধৰি প্ৰায় সকলো ক্ষেত্ৰতে এতিয়া দক্ষ, অভিজ্ঞ আৰু ব্যৱহাৰিক জ্ঞানসম্পন্ন কৰ্মীৰ প্ৰয়োজন। এই বাস্তৱতাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষ বৃত্তি (Skilled Trades) এক অত্যন্ত আশাব্যঞ্জক আৰু সন্মানজনক কেৰিয়াৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।

       দক্ষ বৃত্তি বুলিলে এনে বৃত্তিসমূহক বুজোৱা হয় য’ত বিশেষ কাৰিকৰী জ্ঞান, হাতে-কামে প্ৰশিক্ষণ, ব্যৱহাৰিক অভিজ্ঞতা আৰু নিৰ্দিষ্ট দক্ষতাৰ প্ৰয়োজন হয়। এই বৃত্তিসমূহত কৰ্মৰত ব্যক্তিসকলে বিভিন্ন ধৰণৰ যন্ত্ৰপাতি, মেচিন, সঁজুলি, বৈদ্যুতিক ব্যৱস্থা, নিৰ্মাণ প্ৰযুক্তি, অটোম'বাইল, তথ্য প্ৰযুক্তি, স্বাস্থ্যসেৱা, কৃষি, খাদ্য উৎপাদন, তেল-গেছ, আতিথ্য আদি ক্ষেত্ৰত বিশেষজ্ঞ হিচাপে কাম কৰে।

         বহুতে ভাবে যে বিশ্ববিদ্যালয়ৰ ডিগ্ৰী অবিহনে সফল কেৰিয়াৰ গঢ়াৰ কোনো উপায় নাই। কিন্তু বাস্তৱত বহু সফল দক্ষ পেছাদাৰীয়ে দশম শ্ৰেণী বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পিছত আই টি আই, পলিটেকনিক, এপ্ৰেণ্টিছশ্বিপ, দক্ষতা প্ৰশিক্ষণ বা অন্যান্য স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষণ লৈ উৎকৃষ্ট কেৰিয়াৰ গঢ়ি তুলিব পাৰে। দক্ষতা, অধ্যৱসায় আৰু অভিজ্ঞতা এই ক্ষেত্ৰত সফলতাৰ চাবিকাঠি।

          দক্ষ বৃত্তিটোৰ মূল শক্তি হ’ল ইয়াৰ ব্যৱহাৰিক শিক্ষা, হাতে-কামে প্ৰশিক্ষণ আৰু বাস্তৱসন্মত অভিজ্ঞতা। বাস্তৱ পৰিস্থিতিত কাম কৰিবলৈ তাত্ত্বিক জ্ঞানৰ লগতে দক্ষতা বিকাশৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। সাধাৰণতে হ্ৰস্বম্যাদী প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত নিয়োগ বা স্ব-নিয়োগৰ সুযোগ সৃষ্টি হয়। আধুনিক উদ্যোগ, নিৰ্মাণ, শক্তি, স্বাস্থ্যসেৱা, তথ্য প্ৰযুক্তি, উৎপাদন, কৃষি আদি বিভিন্ন ক্ষেত্ৰত দক্ষ শ্ৰমিকৰ চাহিদা দেশ-বিদেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। অভিজ্ঞতা, কাৰিকৰী জ্ঞান আৰু দক্ষতা বৃদ্ধিৰ লগে লগে দৰমহা, দায়িত্ব আৰু পদোন্নতিৰ সুযোগো বৃদ্ধি পায়। এই বৃত্তিত চৰকাৰী, ব্যক্তিগত, আৰু বহুজাতিক সংস্থাত চাকৰিৰ সুযোগ পোৱাৰ উপৰিও নিজাকৈ ৱৰ্কশ্বপ, সেৱা কেন্দ্ৰ, মেৰামতি ব্যৱসায় বা অন্যান্য উদ্যোগ আৰম্ভ কৰিও এজন সফল উদ্যোগী হিচাপে স্বনিয়োজিত হ’ব পাৰে।

          বৰ্তমান সময়ত দক্ষ বৃত্তি (Skilled Trades) কেৱল এটা বা দুটা পেছাত সীমাবদ্ধ নহয়;বৰঞ্চ আধুনিক অৰ্থনীতিৰ প্ৰায় প্ৰতিটো উদ্যোগ আৰু সেৱা খণ্ডতে দক্ষ কৰ্মীৰ বিশেষ প্ৰয়োজন হৈছে। নিৰ্মাণ আৰু আন্তঃগাঁথনি, বৈদ্যুতিক বৃত্তি, যান্ত্ৰিক বৃত্তি, অটোম'বাইল বৃত্তি, তেল আৰু গেছ উদ্যোগৰ বৃত্তি, উৎপাদন উদ্যোগৰ বৃত্তি, ৱেল্ডিং আৰু ফেব্ৰিকেচন, প্লাম্বিং, ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং, ইলেক্ট্ৰনিক্স আৰু অট'মেচন, নৱীকৰণযোগ্য শক্তি (সৌৰ আৰু বায়ু শক্তি), কৃষি আৰু কৃষি যন্ত্ৰপাতি, খাদ্য প্ৰক্ৰিয়াকৰণ, স্বাস্থ্যসেৱা সহায়ক বৃত্তি, আতিথ্য আৰু পৰ্যটন, বস্ত্ৰ আৰু পোছাক উদ্যোগ, সৌন্দৰ্য আৰু সুস্থতা, তথ্য প্ৰযুক্তি, লজিষ্টিক্স তথা গুদাম ব্যৱস্থাপনা আদি ক্ষেত্ৰসমূহ দক্ষ বৃত্তি (Skilled Trades)  অন্তৰ্গত গুৰুত্বপূৰ্ণ ক্ষেত্ৰ। ঔদ্যোগীকৰণ, নগৰায়ন, ডিজিটেল ৰূপান্তৰ, আধুনিক প্ৰযুক্তিৰ প্ৰসাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সম্প্ৰসাৰণে এই সকলোবোৰ খণ্ডৰ দক্ষ পেছাদাৰীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। সেয়েহে এইবোৰৰ যিকোনো এটা ক্ষেত্ৰতে সফল আৰু সন্মানজনক কেৰিয়াৰ গঢ়ি তোলাৰ সম্ভাৱনা আছে যদিহে কোনোবাই আগ্ৰহ, দক্ষতা আৰু উপযুক্ত প্ৰশিক্ষণ লাভ কৰে।

          আজিৰ প্ৰতিযোগিতামূলক আৰু প্ৰযুক্তি-চালিত যুগত কেৱল তাত্ত্বিক জ্ঞানেৰে সফল কেৰিয়াৰ গঢ়ি তোলা সম্ভৱ নহয়। উদ্যোগ, উৎপাদন, নিৰ্মাণ, তথ্য প্ৰযুক্তি, স্বাস্থ্যসেৱা আৰু শক্তি খণ্ডই এনে কৰ্মী বিচাৰে যিয়ে প্ৰকৃত সমস্যাৰ দ্ৰুত আৰু ফলপ্ৰসূ সমাধান আগবঢ়াব পাৰে। সেইবাবেই এজন দক্ষ ইলেক্ট্ৰিচিয়ান, ৱেল্ডাৰ, ফিটাৰ, চিএনচি অপাৰেটৰ, চ’লাৰ টেকনিচিয়ান বা অটোমেচন টেকনিচিয়ানক বহু ক্ষেত্ৰত সাধাৰণ ডিগ্ৰীধাৰী ব্যক্তিতকৈ অধিক চাহিদাসম্পন্ন আৰু মূল্যৱান হিচাপে গণ্য কৰা হয়। উদ্যোগসমূহৰ উৎপাদনশীলতা আৰু দক্ষতা বৃদ্ধিৰ লগতে দেশৰ অৰ্থনৈতিক বিকাশ, উদ্যোগীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নত দক্ষ বৃত্তিসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই খণ্ডসমূহে নিবনুৱা সমস্যা হ্ৰাস কৰি যুৱক-যুৱতীসকলক চাকৰি আৰু আত্মনিয়োগৰ সুযোগ প্ৰদান কৰে, যাৰ ফলত বহু লোকে নিজাকৈ ব্যৱসায় বা সেৱা প্ৰতিষ্ঠান স্থাপন কৰি আত্মনিৰ্ভৰশীল হ’ব পাৰে। একে সময়তে মধ্যপ্ৰাচ্য, ইউৰোপ, অষ্ট্ৰেলিয়া, দক্ষিণ-পূব এছিয়াৰ দৰে দেশত দক্ষ ভাৰতীয় কৰ্মীৰ বাবে নিয়োগৰ নতুন দুৱাৰ মুকলি হৈছে। তদুপৰি “মেক ইন ইণ্ডিয়া”, “ডিজিটেল ইণ্ডিয়া”, “স্কিল ইণ্ডিয়া”, “আত্মনিৰ্ভৰ ভাৰত” আদি ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় উন্নয়ন অভিযান সফল ৰূপায়ণত দক্ষ বৃত্তিসমূহে যথেষ্ট অৰিহণা যোগাইছে।

         দক্ষ বৃত্তিত সফল হ’বলৈ কেৱল কাৰিকৰী প্ৰশিক্ষণ বা প্ৰমাণপত্ৰ থকাটোৱেই যথেষ্ট নহয়; ব্যক্তিগত গুণ,  কৰ্মনৈতিকতা আৰু পেছাদাৰী মনোভাৱ সমানেই গুৰুত্বপূৰ্ণ। এজন সফল দক্ষ পেছাদাৰী কামৰ প্ৰতি আন্তৰিক আগ্ৰহ, হাতে-কামে শিকাৰ মানসিকতা আৰু সদায় নতুন অভিজ্ঞতা আহৰণৰ ইচ্ছা থাকিব লাগে। শৃংখলাবদ্ধ জীৱনধাৰা, সময়মতে দায়িত্ব সম্পূৰ্ণ কৰাৰ অভ্যাস, সততা আৰু দায়িত্ববোধে তেওঁক এজন বিশ্বাসযোগ্য কৰ্মী হিচাপে গঢ়ি তোলে। বহুতো দক্ষ বৃত্তিত শাৰীৰিক সক্ষমতা আৰু মানসিক একাগ্ৰতাৰো প্ৰয়োজন। ইয়াৰ উপৰিও সুৰক্ষা বিধি কঠোৰভাৱে মানি চলা, দলীয়ভাৱে সমন্বয় সাধন কৰি কাম কৰাৰ দক্ষতা, সমস্যা বিশ্লেষণ কৰি সমাধান উলিয়াব পৰা ক্ষমতা আৰু গ্ৰাহকৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাৰ দক্ষতা এজন পেছাদাৰীৰ বাবে অত্যন্ত প্ৰয়োজনীয়।আধুনিক উদ্যোগত প্ৰযুক্তিৰ দ্ৰুত পৰিৱৰ্তনৰ লগে লগে নতুন সঁজুলি, মেচিন আৰু ডিজিটেল প্ৰযুক্তি শিকিবলৈ সদায় আগ্ৰহী হোৱাটোও সফলতাৰ অন্যতম চাবিকাঠি। এই সকলোবোৰ গুণৰ সমন্বয়েই এজন দক্ষ কৰ্মীক সময়ৰ লগে লগে অধিক যোগ্য, মূল্যৱান আৰু সফল পেছাদাৰী হিচাপে প্ৰতিষ্ঠা কৰে।

      দক্ষ বৃত্তি (Skilled Trades) বৰ্তমান সময়ৰ অন্যতম আশাব্যঞ্জক কেৰিয়াৰ ক্ষেত্ৰ, শিক্ষিত আৰু প্ৰশিক্ষিত যুৱক-যুৱতীসকলৰ বাবে অসংখ্য নিয়োগৰ সুযোগ উপলব্ধ। এই ক্ষেত্ৰৰ এটা বিশেষত্ব হ’ল তুলনামূলকভাৱে কম সময়ৰ প্ৰশিক্ষণৰ পিছত উপাৰ্জন আৰম্ভ কৰিব পৰা যায়। চৰকাৰী বিভাগ, ব্যক্তিগত উদ্যোগ, ৰাজহুৱা খণ্ডৰ উদ্যোগ, বহুজাতিক কোম্পানী (এম এন চি) , ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আদিত দক্ষ কৰ্মীৰ নিয়মীয়া চাহিদা আছে। ইয়াৰ উপৰিও মধ্যপ্ৰাচ্য, দক্ষিণ-পূব এছিয়া, ইউৰোপ, অষ্ট্ৰেলিয়া, কানাডা আদি বহু দেশত ভাৰতীয় দক্ষ শ্ৰমিকৰ বাবে আকৰ্ষণীয় দৰমহা আৰু উন্নত কেৰিয়াৰৰ সুযোগ প্ৰদান কৰা হয়। যিসকলে স্বনিয়োজিত হ’ব বিচাৰে তেওঁলোকে নিজাকৈ ৱৰ্কচপ, সেৱা কেন্দ্ৰ, মেৰামতিৰ দোকান, ফেব্ৰিকেশন ইউনিট, বৈদ্যুতিক ঠিকাদাৰী, প্লাম্বিং সেৱা, অটোম’বাইল গেৰেজ বা অন্যান্য সেৱা ব্যৱসায় আদি আৰম্ভ কৰি নিজকে সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে। আনহাতে, অভিজ্ঞতা, উচ্চ প্ৰশিক্ষণ আৰু পেছাদাৰী দক্ষতাৰ জৰিয়তে কোনো প্ৰতিষ্ঠানৰ কাৰিকৰীবিদৰ পৰা তত্বাৱধায়ক, পৰিদৰ্শক, প্ৰশিক্ষক, পৰামৰ্শদাতা, প্ৰকল্প পৰিচালক বা প্ৰতিষ্ঠানৰ মালিক হিচাপেও  কেৰিয়াৰৰ সৰ্বোচ্চ শিখৰত উপনীত হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে দক্ষ বৃত্তি হৈছে কেৰিয়াৰৰ পথ, যিয়ে চাকৰি, আত্মনিয়োগ, আৰ্থিক স্থিতিশীলতা আৰু দীৰ্ঘম্যাদী পেছাদাৰী বিকাশৰ বাবে অসীম সম্ভাৱনা প্ৰদান কৰে।

      দক্ষ বৃত্তি হৈছে শিক্ষা, কাৰিকৰী দক্ষতা আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ এক সুষম সমন্বয়। আধুনিক উদ্যোগ, কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয়কৰণ, ডিজিটেল প্ৰযুক্তি আৰু উদ্যোগীকৰণৰ যুগত দক্ষ কৰ্মীৰ  প্ৰয়োজনীয়তা বহুগুণে বৃদ্ধি পাইছে। ফলস্বৰূপে স্কিলড ট্ৰেডে বহু যুৱক-যুৱতীক স্বনিয়োজিত, আত্মনিৰ্ভৰশীল আৰু সন্মানজনক জীৱিকা গঢ়ি তোলাৰ সুযোগ দিছে। বিশেষকৈ যিসকল শিক্ষাৰ্থীয়ে কম সময়ৰ ভিতৰতে ব্যৱহাৰিক দক্ষতা আহৰণ কৰি নিশ্চিত কেৰিয়াৰ গঢ়িব বিচাৰে তেওঁলোকৰ বাবে দক্ষ বৃত্তি এক উৎকৃষ্ট আৰু বাস্তৱসন্মত বিকল্প।স্কিল ইণ্ডিয়া মিছন, ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰমোচন আঁচনি (এনএপিএছ), পিএমকেভিৱাই (প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা) আৰু ভাৰত চৰকাৰৰ বিভিন্ন ৰাজ্যিক দক্ষতা বিকাশ আঁচনিৰ জৰিয়তে এই ক্ষেত্ৰত প্ৰশিক্ষণ, কৰ্মসংস্থাপন আৰু উদ্যোগ স্থাপনৰ নতুন সুযোগ মুকলি কৰি দিছে।  দক্ষতাই ভৱিষ্যতৰ মূলধন আৰু সেই দক্ষতাৰ ওপৰত ভিত্তি কৰি এক সফল, সন্মানীয় আৰু স্বাৱলম্বী জীৱন গঢ়ি তুলিব পাৰি।



ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা  তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,

অসম ডন বস্ক’ বিশ্ববিদ্যালয়

আজাৰা,গুৱাহাটী- ৭৮১০১৭ , অসম ।

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com


বিঃদ্রঃ কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৩০)ত যোগাযোগ কৰিব পাৰে।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages