এদিন এনেকৈয়ে নোহোৱা হৈ যাম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 1, 2026

এদিন এনেকৈয়ে নোহোৱা হৈ যাম

 

এদিন এনেকৈয়ে নোহোৱা হৈ যাম

 

অৰুণ গগৈ

মৰিয়নী, যোৰহাট

                   

নোহোৱা হোৱা খবৰটো

বিয়পি পৰিবলৈ কেতপৰ লাগে


এদিন এনেকৈয়ে নোহোৱা হৈ যাম

উশাহৰ পাকতে নোহোৱা হোৱাৰ

বাতৰি এটা বিলাম


উৰি যোৱা চৰাইজনীয়ে কেতিয়াও নাভাবে

চতুৰ চিকাৰীৰ কথা

ডেউকাৰ ধপধপনিয়ে নাজানে

হেৰুৱাই পেলাব পাৰে বুলি

উভতনিৰ বাট


পৰুৱাই পোৱা মানুহ

নোপোৱাবোৰ পাবলৈকে য’ত হাবিয়াস

যেতিয়ালৈকে ঘন হৈ থাকে

বুকুৰ উশাহ

জীৱনৰ হেঁপাহ


ঘৰৰ পৰা ওলাই যোৱা মানুহজন

বাতৰি কাকতৰ শিৰোনাম হ’বলৈ

সৰহ সময় নালাগে


কাৰোবাৰ উশাহ ছুটি হ’বলৈ

দিন বাৰ ক্ষণ গণিব নালাগে


গণনা নকৰাকৈয়ে গমনৰ পথ মুকলি হয়

সহজতে সহচৰ হ’বলৈ মৃত্যুৱে আগভেটি লয়


আজিকালি সহজ কথাবোৰ

হজম হ’বলৈ বুকুখন শিল হ’ব নালাগে

শিলতকৈয়ো কঠিন জিঘাংসাৰ হাতোৰাই

বহু আগতে আপোনাৰ মোৰ বুকুত

পাহাৰ এখন সাজি দিছে ৷


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages