ভূপেন হাজৰিকাৰ স’তে কলিকতাৰ সাংস্কৃতিক যোগসূত্ৰ (জন্ম শতবাৰ্ষিকীৰ শ্ৰদ্ধাৰ্ঘ) - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 1, 2026

ভূপেন হাজৰিকাৰ স’তে কলিকতাৰ সাংস্কৃতিক যোগসূত্ৰ (জন্ম শতবাৰ্ষিকীৰ শ্ৰদ্ধাৰ্ঘ)

 


ভূপেন হাজৰিকাৰ স’তে কলিকতাৰ সাংস্কৃতিক যোগসূত্ৰ 

 (জন্ম শতবাৰ্ষিকীৰ শ্ৰদ্ধাৰ্ঘ)


ড° বনজিত ভট্ট 


   ভূপেন হাজৰিকাৰ ব্যক্তি-সত্বাত সম্পৃক্ত সৃষ্টিশীলতা, পৰিৱেষ্টিত সময় আৰু সমাজৰ আৱেশত গঢ় লৈ উঠা এক চিৰ প্ৰোজ্জ্বল শিল্পকৰ্ম।  অৱশ্যে তাত, অনুঘটকীয় উপাদান হিচাপে নিহিত হৈ আছে তেওঁৰ বংশানুক্ৰমিক  শিল্প চেতনা।

   তেওঁৰ শৈশৱ-কৈশোৰ-যৌৱন, পৌঢ়ত্ব, বহুৰঙী- বহুগন্ধী- বহুমুখী হৈ পৰাৰ মূলতে আছে - যাযাবৰী জীৱনত প্ৰাপ্ত, সময় আৰু সমাজ- বাস্তৱতাৰ ভিন্ন  অভিজ্ঞতা ।  বিশেষকৈ, কলিকতা (আজিৰ কলকাতা)ৰ   সৈতে ভূপেন হাজৰিকাৰ সাংস্কৃতিক  যোগসূত্ৰ আৰু তাৰ   বিপুল যোগাত্মক অৱদানক লৈয়েই আজিৰ এই আলচ।

  শদিয়াৰ  জীপাল মাটিত জনমা ভূপেন হাজৰিকা (শ্ৰীমান ভূপেন্দ্ৰ‌‌‌ কুমাৰ হাজৰিকা ওৰফে বৰমইনা)ৰ অপৈণত শৈশৱক   কাকতলীয় ভাৱে সমৃদ্ধ  কৰিছিল বঙলুৱা গীত-মাতৰ  ভিন্ন ৰূপী স্বাদে ! ইয়াৰ আঁৰতেই আছিল - মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ ৰবীন্দ্ৰ সংগীত, নজৰুল গীতি, ব্ৰাহ্ম সংগীত আদিৰ প্ৰতি  থকা স্বাভাৱিক অনুৰাগ আৰু নিৰলস

 চৰ্চা- সাধনা।

   মাথোঁ চাৰি বছৰ বয়সতেই, ৰাজহুৱা মঞ্চত তেওঁ পৰিৱেশন কৰিলে - জীৱনৰ প্ৰথমটো গীত ( ১৯৩০ চন, ৩০ অক্টোবৰ তাৰিখে কটন কলেজিয়েট হাইস্কুলৰ ছাত্ৰ সন্মিলনৰ অনুষ্ঠান)! লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দৰে পুৰোধা ব্যক্তিৰ আশীৰ্বাদপুষ্ট হৈ লভিলে - “অসমৰ মাষ্টাৰ মদন”ৰ খ্যাতি।

   উল্লেখ্যযোগ্য যে, সমকালীন বাংলা মাটিত  মাষ্টাৰ মদন হৈ পৰিছিল এক সাংগীতিক বিস্ময় । সেয়ে, ১৯৩০ চনতেই শ্ৰীমান ভূপেন্দ্ৰ‌‌‌ কুমাৰ হাজৰিকা, অসমৰ “মাষ্টাৰ মদন” হিচাপে সমাদৃত  হোৱাটোয়ে  বহন কৰিছে এক বিশেষ তাৎপৰ্য।

   কলিকতাৰ সাংস্কৃতিক ভূমিত ভূপেন হাজৰিকাৰ প্ৰথম খোজ - ১৯৩৬ চনত। তেতিয়া তেওঁ তেজপুৰ গভৰ্মেন্ট হাইস্কুলৰছাত্ৰ। জ্যোতি প্ৰসাদ, বিষ্ণু প্ৰসাদে  দহবছৰীয়া শ্ৰীমান ভূপেন্দ্ৰক থিয় কৰায় - কলিকতাৰ বিখ্যাত  “চেনোলা মিউজিক কোম্পানী”ৰ  অভিজাত বাকৰিত!” জয়মতী" আৰু “শোণিত কুঁৱৰী” পালা নাটৰ ৰেকৰ্ডত কন্ঠদান কৰাবলৈ।  সিফালে, ১৯৩৯ চনত দ্বিতীয় বাৰৰ বাবে কলিকতা গমনৰ উদ্দেশ্যটো আছিল - জ্যোতিপ্ৰসাদৰ “ইন্দ্ৰমালতী” কথাছবিত অভিনয়  আৰু কন্ঠদান কৰা। তাতেই  তেওঁ লাভ কৰে- Youngest artist of His Master’s Voice of India Record Company দৰে বিৰল খিতাপ তথা সোণৰ মেডেল!সমান্তৰালকৈ ,সান্নিধ্যলৈ আহে কলিকতীয়া পাহাড়ী স্যানালৰ দৰে গুণী ব্যক্তিসকলৰ।  উক্ত বছৰতে,কলিকতা ৰেডিঅ'ত  প্ৰথম বাৰৰ বাবে গায় গীত।

   ১৯৪২ চন। ভূপেন হাজৰিকা তেতিয়া বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ ছাত্ৰ। দেহত ষোল্ল-বিশ বছৰীয়া যৌৱন। ৰাজনীতি বিজ্ঞানৰ বিদ্যায়তনিক কাম-কাজৰ সমান্তৰালকৈ, বিশ্বমুখী দৃষ্টিভংগী কৰ্ষণ কৰিব পৰা বয়স। এপাকত তেওঁ শান্তিনিকেতনৰ গগনেন্দ্ৰনাথ ঠাকুৰ, অৱনীন্দ্ৰনাথ ঠাকুৰ, নন্দলাল বসুৰ “নিউ বেঙ্গল স্কুল অৱ আৰ্ট” মাধ্যমটোৰ  প্ৰতি আকৰ্ষিত হয়। ফলত,  এদিন ৰণদা উকিলৰ অধীনত বহি গ্ৰহণ কৰে- ছৱি অংকনৰ তালিম।  উক্ত সময়তেই, এলাহাবাদত স্থাপন হয় কলিকতীয়া বিখ্যাত আলোচনী “অমৃত বাজাৰ পত্ৰিকা”ৰ শাখা কাৰ্যালয়টো। বহুমাত্ৰিক চিন্তাৰ যুৱক, ভূপেন হাজৰিকাই এলাহাবাদ সংস্কৰণৰ অমৃত বাজাৰ পত্ৰিকাত ভুমুকি মাৰে - কলা - সমালোচক হিচাপে (ইংৰাজী ভাষাত)! এনেদৰে কলিকতাৰ সাহিত্য - সংস্কৃতিৰ বহল ক্ষেত্ৰখনৰ মাজলৈ  ক্ৰমাৎ ধাৱমান হয় সৃষ্টিকামী ভূপেন হাজৰিকাৰ আকলুৱা মন!

    ১৯৫২ চন। আকাশবাণী গুৱাহাটী- শ্বিলং কেন্দ্ৰত প্ৰ’গ্ৰাম এচিষ্টেন্টৰ চাকৰি এৰি, কলম্বিয়া বিশ্ববিদ্যালয়ত, গৱেষণা কৰিবলৈ যোৱা ভূপেন হাজৰিকাই স্বদেশলৈ ওভতে। “Role of Mass communication in India’s Edult Education” ৰ থেচিছ জমা দি। ভাৰতত ভৰি  দিয়েই সংস্পৰ্শলৈ আহে “ভাৰতীয় গণনাট্য সংঘ”ৰ। সান্নিধ্য ঘটে- উৎপল দত্ত, সলিল চৌধুৰী, হেমাংগ বিশ্বাস, বলৰাজ চাহানী আদিৰ দৰে ব্যক্তিসত্বাৰ লগত। হেমাঙ্গ বিশ্বাসৰ সৈতে লগ লাগি  তদানীন্তন অশান্ত  অসমৰ বুকুত ছটিয়াকই শান্তিৰ বাণী। গীত - কথা - সুৰৰ মাজেৰে। “দোলা হে দোলা”, “প্ৰতিধ্বনি শুনো মই”, “মানুহে মানুহৰ বাবে”, “এন্ধাৰ কাতিৰ নিশাতে” আদিৰ দৰে গণমুখী গীতবোৰ সৃষ্টি কৰে তেতিয়াই। পঞ্চাশ-ষাঠি দশকৰ সেই গীতবোৰেই  হৈছে অসমীয়া গীতি- সাহিত্যৰ এক  যুগান্তকাৰী বুনিয়াদ।

  ১৯৫৪ চনত কলিকতাৰ ৱেলিংটন স্কোৱাৰত গণনাট্য সংঘৰ প্ৰথম প্ৰাদেশিক সন্মিলনত সংগীত পৰিৱেশন কৰি ভূপেন হাজৰিকাই লাভ কৰে বিপুল জনপ্ৰিয়তা। ইফালে ১৯৫৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ চাকৰিটো ইস্তফা দি, ভূপেন হাজৰিকাই অসম এৰি গুচি যায় কলিকতালৈ। আৰম্ভ হয়  জীৱন-জীৱিকা-সাঙ্গীতিক নিচা বিষয়ক এক নতুন সংগ্ৰাম। সকলো ধৰণৰ প্ৰত্যাহ্বানকো নেওচি ভূপেন হাজৰিকাই খোজ পেলায় সৃষ্টিৰ পথাৰত। “অসমাপ্ত”, “কড়ি ও কমল”, “জীৱন তৃষ্ণা” আদি বাংলা চিনেমাৰ সংগীত পৰিচালনা কৰি অৰ্জন কৰে ব্যাপক খ্যাতি। কলিকতাৰ সাংস্কৃতিক ক্ষেত্ৰত ক্ৰমাৎ উজ্বলি উঠিবলৈ  ধৰে ভূপেন হাজৰিকা।

   লাহে লাহে ভূপেন হাজৰিকা হৈ পৰে - অসম আৰু বেংগলৰ মাজৰ  এক  বিশেষ সাংস্কৃতিক যোগসূত্ৰ। পঞ্চাশ-ষাঠি দশকৰ ভূপেন হাজৰিকাৰ গীত সমূহ বাংলা ভাষালৈ অনুবাদিত হ'বলৈ ধৰে। শিৱদাস বন্দ্যোপাধ্যায়, পুলক বন্দ্যোপাধ্যায়, মিন্টু মুখাৰ্জীহঁতে  নেতৃত্ব লয় এনে  গীতি-অনুবাদত। ফলত, কলিকতা- বাংলাৰ মাটিত জনপ্ৰিয়তাৰ তুংগত উঠিবলৈ সক্ষম হয় ভূপেন হাজৰিকা।

 কলিকতাইও যথাৰ্থভাৱে সন্মান যাচে ভূপেন্দ্ৰ সৃষ্টিক-

  • ১৯৮১ চনত কলিকতাৰ “গানেৰ কাগজ” পত্ৰিকাই উলিয়াই ভূপেন হাজৰিকাৰ বিশেষ সংখ্যা 

  • ১৯৮৮ চনত “প্ৰসাদ” পত্ৰিকা হৈ পৰে ভূপেন হাজৰিকা বিশেষ সংখ্যা ।

  • “উদাৰ আকাশ” নামৰ পত্ৰিকাতো প্ৰকাশ পায় ভূপেন হাজৰিকা বিষয়ক  বিশেষ লেখা।

  • “উত্তৰণ” পত্ৰিকাইও শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে ভূপেন হাজৰিকাক

  • বাংলাৰ গণ সংগীত সংকলনত সন্নিবিষ্ট কৰা হয় -ভূপেন হাজৰিকাৰ সাতোটাকৈ গানৰ স্বৰলিপি।

  • স্বপন বেনাৰ্জীয়ে যুগুত কৰে- 

“ভূপেন হাজাৰিকাৰ গানেৰ স্বৰলিপি”।

  • পশ্চিমবংগৰ “চিত্ৰজগত পত্ৰিকা”ই ভূপেন হাজৰিকাক প্ৰদান কৰে- “প্ৰমথেশ বৰুৱা” পুৰস্কাৰ।

  • বাংলাৰ “কলা  শিৰোমণি” উপাধিও প্ৰদান কৰা হয় তেওঁক

  • বিবিচিৰ বাংলা শাখাত ভূপেন হাজৰিকাৰ “মানুষ মানুষেৰ জন্য” গানটো বিবেচিত হয়- বিংশ শতাব্দীৰ সৰ্বশ্ৰেষ্ঠ গান।

   ভূপেন হাজৰিকাৰইও বাংলা ভাষাত প্ৰকাশ কৰে - বিভিন্ন মূল্যৱান লেখা - “লোকসংগীতে জনচিত্ত প্ৰকাশ”, “পৰেৰ বাতাসকে আসতে দেওয়াই উৎসৱ”, লতা মংগেশকাৰৰ সংগে একান্ত, “লতা গান গায় না,সুৰেৰ ছৱি আঁকে”  ইত্যাদি ইত্যাদি।

    ভূপেন হাজৰিকাই কলিকতা সন্দৰ্ভত কৃতজ্ঞতাসূচক বক্তব্য কৰিছে- “ইতিহাস সৃষ্টিৰ আদিকথা” বুলি।  “অসম মোৰ মাতৃভূমি কিন্তু  বেংগল হ’ল মোৰ ধাতৃ ভূমি” বুলি কোৱা কথাষাৰৰ মাজতেই নিহিত হৈ আছে ভূপেন হাজৰিকাৰ কলিকতা- বাংলাৰ প্ৰতি থকা সুগভীৰ আনুগত্য।

 এৰা, এগৰাকী “ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ভূপেন হাজৰিকা” নিৰ্মাণৰ ক্ষেত্ৰত কলিকতাৰ অকৃত্ৰিম অৱদানক উপেক্ষা কৰিও অস্বীকাৰ কৰিব পৰা নাযায়।


লেখকৰ ঠিকনাঃ 

ড° বনজিত ভট্ট 

নিৰলা প‍ঁজা

এৰাঢল, ধেমাজি 

পিন - ৭৮৭০৫৭

ফোন - ৯১০১১৯১৪৪৭


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages