বাৰিষা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 1, 2026

বাৰিষা

 


বাৰিষা


              অশোক কুমাৰ দলে


বাৰিষা বুলিলে খুউব ফুৰ্ত্তি কৰিছিলোঁ 

বাঢ়নি পানীত ‘পানী’ ‘পানী’  ৰমলিয়াই ডকা ফুটাই ফুটাই গা ধুইছিলোঁ


লাহে লাহে গৰা ডুবি গৰকিছিল চাংঘৰ 

বাঁহৰ মজিয়াৰ ফাঁকেৰে হাত সুমুৱাই  চুইছিলো চাঙৰ তলৰ পানী 

আওলাত বহি ডেও দি ফুৰা ৰূপালী মাছ দেখি টোপাইছিলোঁ বৰশী 


বাৰিষা জামৰাৰ পাছত আহিছিল মাছৰ জোৱাৰ


খাল-ডোঙ বিচাৰি আমি খেপিয়াই ফুৰিছিলোঁ পুঠি-খলিহণা 


আয়ে চিঞৰিছিল :

হাবিৰ মাজেদি নেযাবি কাঁচিদৰীয়াই কাটিব 

দুপৰত মাছ নধৰিবি ঘোৰাপাকে পাব

চাউল চলা বৰষুণত নিতিতিবি  

কাপোৰত বৰমোহা লাগিব

চেৰেঙা ৰ’দত নোলাবি মূৰ ঘূৰাব


সেয়া আছিল আমাৰ ল’ৰালি কাল 


আজিও বাৰিষাৰ কথা মনত পৰিলে উৰ্বৰ হয় বুকুৰ পথাৰ

স্মৃতিৰ হেঙাৰত জিলিকি উঠে ল’ৰালিৰ গান


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages