সামান্য দুখ
ভাৰতী বসুমতাৰী
ধেমাজি
তীব্ৰতাৰে যিয়ে বিচাৰে
তেওঁকেই সঁপি দিয়া যাওক হৃদয়
যিয়ে লুটি নিব খোজে জোন, তৰা
সঁপি দিয়া হওক আকাশ
এক বিন্দু পানীৰ বাবে য'ত হাঁহাকাৰ থাকে
তাতে এৰি দিয়া যাওক নদী
খৰাং বক্ষত গৰ্জি উঠক মেঘ
এনেদৰে গৰ্জক
যিদৰে পুৰুষে গৰ্জে
নাৰীৰ সামান্য দুখত!
Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:
Post a Comment