সময় বুঢ়া হেডমাষ্টৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 1, 2026

সময় বুঢ়া হেডমাষ্টৰ

 


সময় বুঢ়া হেডমাষ্টৰ


                                   জিতেন নৰহ


স্কুলৰ বাৰাণ্ডাত মাৰিটোৰে সৈতে 

দুলি থকা বেলটোৱে 

সময়ৰ ইছাৰাত মাজে মাজে মাতে

সময়ৰ সৈতে কথা পাতে


টাবত ওলমি থকা পিক’ক জিঞ্জাৰটোৱে 

তাৰ ময়ুৰৰ দৰে পাখিবোৰ পেখম ধৰি 

সৌন্দৰ্য প্ৰদৰ্শন কৰিব খোজে।

বাহী ফুলৰ পাহিবোৰ গচকি 

পাটগাভৰুৰ নাক ফুলিটোৰ দৰে 

প্ৰতিনিয়ত ফুটাই তুলিব খোজে 

একোপাহি সৰু ফুল।

স্পাইডাৰ প্লান্টবোৰে তাৰ মকৰাৰ ঠেঙৰ দৰে পাতবোৰ মেলি নিফুট কণ্ঠেৰে 

পিয়াহ লগাৰ কথা ব্যক্ত কৰিব খোজে।

প্ৰজাপতিৰ দয়ালু হাতেৰে তাৰ তৃষ্ণাৰ্ত কণ্ঠ

এগিলাচ শীতল পোহৰেৰে তিয়াব খোজে।


ফুটুকী পাতেৰে ওলমি ওলমি 

মাণি প্লাণ্ট‌বোৰে মালিৰ মাণি পাৰ্চৰ 

পাটৰ দৰে খমখমীয়া শব্দবোৰ শুনিব খোজে।

আনৰ সৌভাগ্য কামনা কৰি 

লাকি বাম্বুজোপা নিজে আনলাকি হ'ব খোজে।


ফুলনি বাৰীত গহৰা গজা গাহৰি লতাবোৰে

অঞ্জনা‌ ওম কাশ্যপৰ দৰে “জানে না কড়ি” বুলি 

সকলো সৌন্দৰ্য ঢাকিব খোজে।


কলিজা ৰঙৰ মধুৰী‌জোপাই

দুষ্ট ল’ৰাবোৰৰ চকুত নিজক উদঙাই 

হাত বাউল দিব খোজে।

হাতে ঢুকি পোৱাকৈ

নকৈ লাগনি ধৰা আমলখিজোপা

ল'ৰা-ছোৱালীৰ আদৰ স্পৰ্শ 

কলিতে পাই ধন্য হ’ব খোজে।


ফুলনি বাৰীৰ পেঞ্চিঙত বগোৱা ভাতকেৰেলাবোৰে,

দমাই থোৱা শিলবোৰে,

ৰান্ধনী গৃহৰ দিয়াচলাইৰ কাঠিবোৰে

চিলেটত আঁচ টানি 

এক, দুই, তিনি নেওতা মুখস্থ মতা দিনৰ 

স্মৃতি সজীৱ কৰি তুলিব খোজে।


এজাক দোপালপিটা বৰষুণত 

হকা বধা নামানি তিতিবলৈ নামি পৰা

ছাত্ৰ-ছাত্ৰী‌বোৰে স্কুলীয়া দিনৰ স্মৃতি

আমাক উভতাই দিব খোজে।


এৰাল চিঙি মনটোৱে দৌৰ মাৰি, 

জাপ মাৰি, তিতি বুৰি

স্কুলীয়া হ’ব খোজে।

দায়িত্ব‌বোধ আৰু সময়ৰ অদেখা শিকলি এটাই

আমাক বান্ধি ৰাখিব খোজে।


উন্নাসিক উন্মাদনাক স্থিতপ্ৰজ্ঞ‌ৰ দৰে 

শান্ত কৰি মনটোৱে

জুবিনৰ সেই গীতফাঁকি গুণগুণাব খোজে

“মন যায় মোৰো মন যায়”....


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages