কবিৰ সমাধি-ফলক
ৰুদ্ৰ সিংহ মটক
আজিও বন্দী মই খিৰিকীবিহীন বেংকৰ
আবদ্ধ কোঠাত
ৰ’দৰ কোনো আখৰ নাই ইয়াত, কেৱল
ক’ৰ বেংকিং, গ্লবেলাইঝেচন আৰু লাভালাভৰ
কোটিটকীয়া অংকই ঢাকি থৈছে মোৰ সভ্যতাৰ
চকুৰ পতা
বহুজাতিক কম্পিউটাৰ ফেক্স-ইণ্টাৰনেটৰ ছন্দহীন
প্ৰেত ছায়া-স্বৰলিপি, মোবাইল আৰু চহকী জোতাৰ
কৃত্ৰিম কোলাহলে কাঢ়ি লৈছে মোৰ ৰঙা হৃদপিণ্ডৰ সেউজীয়া শ্বাস
সকলো হেৰুৱাইছোঁ আজি,--স্বপ্ন চৰাইৰ সুহুৰি
নদীৰ প্ৰেম
হেৰুৱাইছোঁ কলম আৰু হৃদয়ৰ যুদ্ধভূমি
আলোড়িত সূৰ্য আৰু শস্যোজ্বল কবিতাৰ বাট
হৰিণাৰ মাংসই বৈৰী হোৱাৰ দৰে হাতৰ ঘড়ীটোৱেই
আজি কাল হ’ল মোৰ, যি সাত শতৰুৰ দৰে গোপনে
নিৰীক্ষণ কৰে মোৰ প্ৰতিটো মুহুৰ্তৰ বোবা অস্থিৰতা
মোৰ মৃত্যু আৰু আৰ্তনাদ
কেতিয়াবা কেতিয়াবা ভাবোঁ,
পৃথিৱীখন ভাবিব নোৱৰাকৈ ঠেক, যেন এছ বি আইৰ
ষ্ট্ৰং ৰুম--য’ত ক্ষুদ্ৰ এটা অক্সিজেন চিলিণ্ডাৰ লৈ অসহায় মই
ছটফটাই আছোঁ ওৰেটো ৰাতি অসম্ভৱ সপোন এটাৰ
দুৱাৰডলিত
কংক্ৰিট ভাঙি অকস্মাৎ জঁপিয়াই সোমাই আহিব নেকি
সাতোটা তৰা সাতোটা পগলা ঘোঁৰা
তাৰে উজ্বল চকুৰ ক’লা ঘোঁৰাটো চেঁকুৰাই
গুচি যাম মই দূৰণিৰ সেই সেউজ ঘাঁহনি
অথবা নিষিদ্ধ বনগোলাপৰ অবিন্যস্ত কোনো গহন অৰণ্যলে’,...
আৰু যদি সেয়া সম্ভৱ নহয়
কাইলৈ মোৰ অনিবাৰ্য মৃত্যু হ'ব চৰাইবোৰে গুণগুণাই
গুণগুণাই পুৱাৰ গান আৰম্ভ কৰাৰ আগে আগে...
উডহাউছৰ গল্প পঢ়ি ভাল পোৱা মোৰ
উদাসী বন্ধুজনে সিদিনা সন্ধিয়াৰ আড্ডাত বিষণ্ণ
স্বৰত কৈছিল : মোৰ সমাধি-ফলকত হেনো ক’লা আখৰেৰে
লিখা থাকিব,
“তেওঁ আছিল এই পৃথিৱীৰ সবাতোকৈ ভাগ্যবান
অথচ পুতৌলগা জীৱ
টকাতকৈ বসন্তৰ দৰেই স্বাধীন, উজ্বল শব্দবোৰৰ গোন্ধটো
তেওঁ বহু বেছি ভাল পাইছিল।”
ঠিকনা
অম্বিকাগিৰি নগৰ
হাউছ নং--তিনি, ত্ৰিবেণী পথ
গুৱাহাটী, পিন-৭৮১০২৪
ফোন -৭০০২৩০৩৮৮২
Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:
Post a Comment