উক্তিৰ শেহান্তৰত
জুনুকা পাঠক
বৰপেটা
নিস্তব্ধ কোলাহলত হিংস্ৰ শূণ্যতাবোৰ ইমান ব্যস্ত আজি
তোলপাৰ……
মহাশূণ্য……।
গ’ল্ডি, কোনে জানো নিছিল তোৰ কাষলৈ—
শান্তিত দুৰ্দান্ত তেজী ঘোঁৰাটো নিৰ্জু হৈ শুই আছিলি ।
কিন্তু !
শান্তি পোৱা নাছিল তোৰ পাপু ;
এবাৰ যদি পাপু বুলি মাতিলিহেঁতেন ?
থৰক-বৰককৈ — ফুল থোপা দিওঁতে
উভতাই দিলি
গৌৰৱ কিনো কৰিম অভাগী পাপুৰ থোকা-থোকি শব্দ ব্যাকৰণত উপলব্ধ হয় জানো ?
কোন পিতৃয়ে পুত্ৰৰ চিৰনিদ্ৰাত শ্ৰদ্ধাঞ্জলি দিব পাৰে ?
তই জেদি —
তই অভিমানি —
সেই কথাটোকে বাৰে বাৰে কিয় ক'ব লাগে ?
অজ্ঞাত ঠাইলৈ পঠাই কেনেকৈ বিছনাত থাকো অ’ সোণাই।
সাগৰৰ শেষ বাটত কি বিচাৰি পালি ?
মোৰো চিধা কথা !
আকাশত থাক ! বিন্দাছ ধুমুহা দৰে নাচি থাক!
নদীৰ দৰেই তোৰ সংগীত প্ৰবাহ।
খাৰাংখাছ !
পৰিবৰ্তন !
ব্যতিক্ৰম !
গ’ল্ডি; সাম্যবাদী মৰমেৰে সাহসী কৰিলি
বিশাল অনুৰাগীক।
পাৰো যদি —
তোৰ মহাকাব্যৰ শেষাংশ লিখিম
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment