আত্মা-দুষ্টাত্মা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 1, 2026

আত্মা-দুষ্টাত্মা

 

আত্মা-দুষ্টাত্মা


                           অমল দাৱ

           

সকলো মানুহৰ দুটা কায়া

এটা দেখি 

আনটো নেদেখি


দৃশ্যমানে  কথাকলে অদৃশ্যমানে গুজৰিগুমৰি থাকে নিজত


ময়ো দুটা অমল

এটাই নাচিলে সুখত 

আনটোৱে কান্দে দুখত


প্ৰকৃততে এটাই আনটোৰ মাজত প্ৰতিযোগিতা চলায় অঘোষিত

ন্যায়-অন্যায়ৰ 

ধৰ্ম-অধৰ্মৰ

সচাঁ মিছাৰ


এটাই বিচাৰে মুকলি আকাশ নদীৰ পাৰ অথবা সেউজীয়া পথাৰ 

আনটোৱে, মদৰ আদ্দা চুলাই ঘাটি 

অথবা অবাইচ উশৃংখল মাদকতা


এটা 

শংকৰ দেৱ 

আনটো 

নাস্তিক


মুঠতে 

এটা 

ভক্ত-প্ৰহ্লাদ 

আনটো 

হিৰণ্যকশিপুৰ


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages