দেউতা
লহৰজ্যোতি মৰাণ
দেউতা, তোমাৰ অবিহনে আমি জীয়াই আছোঁ, কিন্তু প্ৰতিটো খোজতেই অনুভৱ কৰোঁ তোমাৰ অভাৱ। তোমাৰ অনুপস্থিতিতেই শিকিছোঁ, জীৱনৰ কঠিন পাঠ, সময়ৰ নিৰ্মম স্বভাৱ।
তুমি নোহোৱা হোৱাৰ পিছত বুজিছোঁ, জীৱন মানে কেৱল হাঁহি নহয়, কেতিয়াবা বুকুত দুখৰ পাহাৰ লৈও আগুৱাই যাব লাগে নীৰৱ যুঁজত সদায়।
তোমাৰ শিকনি আজিও পোহৰৰ দৰে, অন্ধকাৰ পথত দেখুৱায় দিশ। ভাঙি পৰাৰ হাজাৰ কাৰণ আহিলেও, হাৰ নামানিবলৈ দিয়ে নতুন বিশ্বাস।
দেউতা, তোমাৰ অনুপস্থিতিতেই শিকিছোঁ, সংগ্ৰামৰ মাজতো কেনেকৈ হাঁহিব লাগে, ধুমুহাই জোকাৰি যোৱা জীৱনখনক সাহসেৰে আকৌ সজাই তুলিব লাগে।
তুমি নাই, কিন্তু তোমাৰ সপোন আছে, তোমাৰ আদৰ্শ আছে হৃদয়ৰ মাজত। সেই শক্তিক বুকুত বান্ধি আমি আগবাঢ়ি যাম জীৱনৰ প্ৰতিটো সাজত।
দেউতা, তোমাৰ স্মৃতিয়ে আজিও কয়— “যুঁজিবি, থমকি নৰ'বি কেতিয়াও।” কাৰণ পৃথিৱীত জীয়াই থকাৰ নামেই সংগ্ৰাম, সাহস আৰু আশাৰ দীপ জ্বলাই ৰখা সদায়।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment