অচিনাকী মন
সংগীতা টাইদ
তোমাৰ সৈতে
চিনাকী মোৰ
বহু দিনৰ নাছিল
আছিল মাত্ৰ দুদিন মানৰ
প্ৰেমেতো আৰু নুবুজে সেই কথা
তাতেই লাগিল লেঠা
যদিহে বুজিলোহেঁতেন এই কথা
নকৰিলোহেঁতেন এনে প্ৰেম
প্ৰেমৰ নামত
কত যে কথা
সচাঁই মিছাই
হকে বিহকে কোৱাৰ
নামেই নহয় জানো প্ৰেম?
আজি কালি প্ৰেম
কৰা তেনেই সহজ কথা
হাতে হাতে এণ্ড্ৰইড ফোন
জনে প্ৰতি ফেচবুক, ইনষ্টাগ্ৰাম
ইয়াৰ নামেই নহয় জানো
ছ’চিয়েল মিডিয়া
যান্ত্ৰিকতাৰ পথিৱীখনত
সকলো উপলব্ধ
প্ৰেম বিবাহ-বিচ্ছেদ
আনকি মৃত্যু এতিয়া
তেনেই সহজ
হাতৰ মুঠিতেই যেন
সকলো কাম সম্ভৱ
আগতেই বুজি পোৱা হ’লে
এই কথা
নকৰিলোহেঁতেন এনে ভুল
তেতিয়াৰ মানুহবোৰ
‘মানুহ’ আছিল
আৰু এতিয়াৰ মানুহবোৰ
হৈ পৰিছে একো একোটা ‘যন্ত্ৰ’
সেই বাবেই ছাগে কোৱা হয়
যান্ত্ৰিকতাৰ যুগ
নালাগে মোক এনে প্ৰেম
নালাগে মোক এনে
যান্ত্ৰিকতাৰ যুগ
পাৰিলে ঘুৰাই দিয়া
আগৰ সেই টিপচাকিৰ
পোহৰৰ দিনবোৰ
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment