বিশাল চেতনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 1, 2026

বিশাল চেতনা

 

বিশাল চেতনা 


                         ড° ইকবাল হোচেইন খান


আকৌ নদন-বদন হ’ব পৃথিৱী 

সেউজীয়া গান হৈ ।

নিঃশেষ হ’ব

সংকীৰ্ণতাৰ হলাহল 

সুৰে সুৰে ছন্দে ছন্দে মানৱতাৰ জয়গান ।


হে বিশাল চেতনা 

ভাঙি গুৰিয়াই দিয়া 

হিংসাৰ বিষদাঁত ।

তেতিয়া তোমাতেই থাকিব ভক্তি 

মানুহে পাব মুক্তি ।


আনন্দ হৈ পৰিব জীৱনৰ

আনন্দ প্ৰেমৰ 

আনন্দ বিশ্বাসৰ 

আনন্দ পৃথিৱীৰ ।

আনন্দতেই উতলা হৈ থাকিব

বসন্তৰ গান

কৰ্মৰ ধ্বনিত বাজি থাকিব 

আস্তাৰ গান ।

এয়াই হওক হৃদয়ৰ অনুভূতি 

নদন-বদন পৃথিৱী ।


Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages