বাৰিষাৰ ৰাতি
হৰেন কপ্তাক
বাৰিষাৰ ৰাতি, জৰজৰকৈ বৰষুণ পৰিছে
বুঢ়া বেঙৰ টোৰটোৰণি
ঢিমিক-ঢামাক বিজুলী চাকি
ঘৰৰ বাৰাণ্ডাত পোহৰ বিলাইছে
নিঃসংগতাই বগাই ফুৰা বাৰিষাৰ ৰাতি
বৰকৈ মনত পৰে-
এই বাটেৰে গুচি যোৱা
ৰঙা নীলা সপোন এটি
সপোনবোৰ পাখি গজি
এদিন উৰি গুচি গ’ল দিকচৌ বাটলৈ
ডাৱৰে ঢকা বাৰিষাৰ ৰাতি তৰা নাই
যদিও ক’লা ডাৱৰৰ ভেও ফালি
ওলাই আহিছে শেঁতা পৰা জোন
নিঃসংগ নহয় মই,
সেয়া দেখোন মোৰ ওচৰত
জোনাক নামিছে,
বৰষুণে শব্দৰ খেলা কৰিছে ,
বুঢ়া বেঙে বৰ্ষাগীত গাইছে,
গাগিনী ফৰিঙে ৰিঁৰিকৈ
গীটাৰ বজাইছে ৷
উদযাপন কৰিম ওৰে ৰাতি
বৰ্ষাগীত গাই
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment