মৃত্যুৰ অহংকাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 1, 2026

মৃত্যুৰ অহংকাৰ

 

মৃত্যুৰ অহংকাৰ


                           প্ৰকাশ দত্ত

                 দেৰগাওঁ, মিছামৰা


(জুবিন দাক সুঁৱৰি)


তোলৈ মোৰ বৰ দুখ লাগে মৃত্যু,

তই হেনো সৰ্বশক্তিমান!

ব্ৰহ্মাণ্ডৰ বুকুত হেনো তোৰেই শেষ সিদ্ধান্ত,

অনিৰুদ্ধ তোৰ গতি, 

 কাৰো তই নামান বাধা !

তোৰ নিৰ্মম দৃষ্টিৰ সন্মুখত থিয় হ’বলৈ

ভয়তে কপি উঠে সমগ্ৰ ধৰা,

তই ভাব’— তই অজেয়, 

কাৰো হাতত তই নপৰ’ ধৰা।


কিন্তু হেৰ' কাল-যাত্ৰী!

আজি তোৰ সেই নিৰ্লজ্জ ঔদ্ধত্যক সুধিব খুজিছোঁ এক প্ৰশ্ন,

তই মাথোঁ পাৰিবি শৰীৰটো কাঢ়ি নিব,

কৰিব পাৰিবি তেজ মঙহৰ  কংকালটোক ভস্ম।

কিন্তু পাৰিবি জানো তই তোৰ সমস্ত ক্ৰূৰতাৰে,

আঁতৰাব তেওঁক আমাৰ বুকুৰ পৰা?

পাৰিবি জানো মচি পেলাব তেওঁ দি যোৱা

হৃদয়ৰ সেই গভীৰ অনুভৱৰ স্পৰ্শা?


যি সুবাস তেওঁ সিঁচি থৈ গ’ল আমাৰ উশাহত,

যি হাঁহি ৰৈ গ’ল আমাৰ বুকুৰ কোণত,

তাত তোৰ অধিকাৰ অমূলক, মৃত্যু!

তাত তই চিৰকাল পৰাজিত, 

তই মাথোঁ এক শূন্যতা।


তেওঁ জীয়াই থাকিব 

আমাৰ প্ৰতিজনৰ বুকুত উঠা টৌৰ দৰে,

প্ৰতিটো  ক্ষণৰ উষ্ম স্মৃতিৰ দৰে।

তই হাৰিবই লাগিব মৃত্যু,

কাৰণ তোৰ হাতত কেৱল শৰীৰৰ ধ্বংস আছে,

আৰু আমাৰ হাতত তেওঁৰ অমৰ আত্মাৰ স্পন্দন আছে।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages