এই পৃথিৱী, সেই পৃথিৱী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 1, 2026

এই পৃথিৱী, সেই পৃথিৱী

 

এই পৃথিৱী, সেই পৃথিৱী


                                     জ্যোতিৰ্ময় বৰা


মই মোৰ পৃথিৱীৰপৰা

মাজে মাজে ওলাই যাওঁ

আন এখন পৃথিৱীলৈ।


তাত এজন ৰজা থাকে

ৰজাক খুচ কৰাৰ বাবে

প্ৰজাবোৰ ব্যস্ত থাকে।


ভ্ৰমৰ মকৰাজালত

দোঁ খাই ওলমি থকা এজন মানুহ দেখিলোঁ 

তেওঁৰ পৰা মোলৈ

এটা শতিকাৰ ব্যৱধান।

তেওঁক সুধিলোঁ

ইয়াত হয়নে মানুহৰ দৰদাম?

তেওঁ মিচিকিয়াই ক’লে—

“হয়, হয়। ইয়াত মানুহৰ মূল্য

শূন্যতকৈও অলপ কম।”


ৰজায়ো প্ৰজাবোৰক হৃদয় উজাৰি দিছে।

খাবলৈ ৰুটিৰ দৰে এটা বেলি,

শুবলৈ বিছনাৰ দৰে এখন নদী,

আশ্ৰয়ৰ বাবে আকাশৰ আৱেষ্টনি।


পুনশ্চঃ

এই পৃথিৱী, সেই পৃথিৱী

সকলোতে একেই ধূসৰ ছায়াছবি।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages