অসুস্থ এটি কবিতা
ডেইজী শইকীয়া
হাতীগাঁৱ, গুৱাহাটী
কবিতা এটি লেখা নহ’ল
বহু দিন হ’ল
কোনোবাটো কেকুঁৰিত
কিবা এটা যেন স্তব্ধ হৈ গ’ল
সিদিনা আলিবাটত
এটি কবিতা লগ পাইছিলোঁ
অসুস্থ এটি কবিতা
বসন্ত বলীয়া কুলি চৰাই এটাই
আদৰেৰে শিল এচটাত বহিবলৈ দিলে
ভাগৰুৱা কবিতাটোক
অকণ জিৰণি ল’বলৈ
খৰাঙৰ ধূলিৰ ধূসৰিত সময়ত
অসুস্থ হৈ পৰিছিল কবিতাটো
বসন্ত এটা ৰৈ আছে
এদিন সুস্থ হৈ উঠিব কবিতাটো,
বৰষুণ এজাঁক আহিব
আৰু ধুই নিব ধূলিবোৰ
আলিবাট এটাই বাত চাই আছে
নৈখনৰ ঘাটত
এটি সুস্থ কবিতাৰ বাবে
এদিন কবিতাটো সুস্থ হৈ উঠিব
সিদিনা মই এটি শৰতৰ কবিতা লেখিম।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment