আগমনি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, September 30, 2026

আগমনি

 


আগমনি


                 ৰিমলী ডেকা 

        গোৰেশ্বৰ, তামুলপুৰ 


 আশ্বিনৰ এই স্নিগ্ধ পুৱাতে,

শেৱালিৰ সুবাস বতাহ জাকত।

শাৰদীয় আকাশত বগা ডাৱৰৰ মেলা,

ধৰিত্ৰী সাজিছে আজি অপূৰ্ব ৰূপত।

পিতৃপক্ষৰ অন্ত হ’ল আজি,

পূৱ আকাশত দেৱীপক্ষৰ পোহৰ।

মহালয়াৰ পবিত্ৰ এই শুভ লগনত,

বাজি উঠিছে আগমনী সুৰ সুমধুৰ।

আহা মা দশভূজা, মহামায়া দুৰ্গা,

অশুভ শক্তিক কৰা তুমি নাশ।

শান্তি আৰু মংগলেৰে ভৰি পৰক ধৰা,

দূৰ হওক সকলো অন্ধকাৰ-ত্ৰাস।

কঁহুৱাৰ হেন্দোলনি আৰু ঢোলৰ খামত,

ধৰা জুৰি নামিছে আনন্দৰ বন্যা।

ভক্তৰ হিয়াত জাগিছে ভক্তিৰ আকুলতা,

স্বাগতম জনাইছোঁ তোমাক, হে জগত-জননী ধন্যা।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages