কবি-প্রণাম
প্রশান্ত কুমাৰ নাথ
ভাৰতীয় জীৱন বীমা নিগম, শিৱসাগৰ
মই কবি নহ’ব পাৰোঁ
কিন্তু সন্মান কৰোঁ কবিৰ সত্তাক
অন্তঃকৰণেৰে পঢ়ো কবিৰ কবিতা
কল্পনাৰ আকাশত তুমি কেতিয়াবা
কবিতাৰ ৰামধেনু দেখা পোৱানে
শব্দৰ উৰ্বৰ শক্তিৰে ৰস আজুৰি আনি
প্ৰাণ দিব পাৰানে উকা এখিলা পাতক
মৃন্ময় শিল্পীৰ হাতৰ পৰশত
জী উঠা প্ৰতিমাৰ দৰে
কবিয়ে আঁকে সমাজ-সময়ৰ ছবি
যি ছবিৰ আৰত এচমকা চিন্তাৰ চমক
যন্ত্ৰবৎ পৃথিৱীৰ মানুহক কবিতাই
যুগে যুগে শিকাইছে প্ৰজ্ঞাৰ পাঠ, ধৈৰ্যৰ ধর্ম
সত্যৰ সহজ সন্ধান
হে কবি, তোমাৰ সাধনা অনন্য
তোমাক সহস্র প্রণাম।।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬

No comments:
Post a Comment