হয়তো এনেকৈয়ে আমি প্ৰেমত পৰো অকস্মাৎ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, September 30, 2026

হয়তো এনেকৈয়ে আমি প্ৰেমত পৰো অকস্মাৎ

 

হয়তো এনেকৈয়ে আমি প্ৰেমত পৰো অকস্মাৎ


দীপ হেষ্টিংছ বৰি


অকস্মাৎ এটা চাৱনিৰ পৰাই

জন্ম হয় এটা নিৰ্ভয় দুৰ্বলতা


অপ্ৰস্তুত এক দৃষ্টিৰ পৰাই

বৈ যায় অনুভৱী তৰংগ

খহিবলৈ ধৰে বুকুৰ কোমল গৰা

বাঢ়িবলৈ আৰম্ভ কৰে কল্পনা সাগৰ


ঋতু আহে বাবেইতো ঋতু বাগৰে

কুলিয়ে মাতে, কপৌ ফুলে

বহাগে আনে সম্প্ৰীতিৰ বা

আকাশে কান্দে, নিয়ৰ সৰে 

সৰি পৰে শেৱালি পাহি


হয়তো তুমি তাত আছিলা বাবেইতো

মোৰ দুভৰিয়ে বাট বুলিছিল তালৈকে

মই নজনাকৈয়ে

অকস্মাৎ মোৰ দৃষ্টিত তুমি ধৰা দিছিলা

আৰু দৃষ্টি-নন্দন হৈ পৰিছিল সেই ক্ষণ

তোমাৰ প্ৰগলভ দুনয়নৰ সেই প্ৰতিদৃষ্টিত


ভুল জানো কোনোবাই কৰো বুলি কৰে

পৰো বুলি কোনেওতো প্ৰেমত নপৰে


ভালপোৱাৰো কোনো কাৰণ নাথাকে

যিদৰে নাথাকে কোনো কাৰণ-

আই-পিতায়ে আমাক ভালপোৱাৰ দৰে


প্ৰেমত পৰাৰ কোনো আগতীয়া জাননী নাথাকে

যিদৰে নাথাকে কোনো আগতীয়া জাননী-

ভূমিকম্প, মহাপ্ৰলয় অথবা

এজাক আবতৰীয়া বৰষুণৰ


দুখন হিয়াৰ মিলনৰ পিছত নাথাকেগৈ

দুটি আত্মাৰ মাজৰ নিদিষ্ট দূৰত্ব

যিদৰে নাথাকে কোনো নিদিষ্ট  দূৰত্ব-

জন্মৰ পৰা মৃত্যুলৈ


আচলতে একো নজনাকৈয়ে আমি

বহুকথা জানিবলৈ বাধ্য হওঁ জীৱনত

নিশিকিব লগীয়াখিনিও শিকি পেলাওঁ আমি

সময়ৰ আহ্বানত


হয়তো এনেকৈয়ে আমি প্ৰেমত পৰো

নিজৰ অজানিতে

অকস্মাৎ...


Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages