শাৰদী আগমন
প্ৰণৱ শৰ্মা
গুৱাহাটী
নীলা আকাশৰ বুকুয়েদি ওপঙি আহে
মেঘালী হাঁহিৰ শুকুলা ডাৱৰ,
বতাহত নাচি উঠে কঁহুৱা কোমল
শৰতৰ এই ধুনীয়া আদৰ।
দুৱৰি বনত মুকুতা মণি হৈ
উজলে নিয়ৰৰ টোপালবোৰ
শেৱালিৰ সুবাসে চৌদিশ আমোলমোলায়
প্ৰাণত ঢালে আনন্দৰ সুৰ ।
শাৰদী আকাশৰ জোনাক নিশাটিয়ে
কঢ়িয়াই আনে হিয়া ভৰা মৰম,
ধৰাৰ বুকুলৈ নামি আহে যেন
স্বৰ্গৰ অপূৰ্ব এক ক্ষণ।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬

No comments:
Post a Comment