শাৰদী ৰাণী হেনো তোমাৰ নাম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, September 30, 2026

শাৰদী ৰাণী হেনো তোমাৰ নাম

 

শাৰদী ৰাণী হেনো তোমাৰ নাম


                                                 প্ৰসন্ন তালুকদাৰ


বাৰিষাৰে ধুই নিয়া প্ৰকৃতিৰ বুকুলৈ

নামি আহে শৰৎ

শাৰদী জোনাকৰ পোহৰত

আহিনৰ নিয়ৰে নদীৰ বুকুত মেলে এখনি শুভ্ৰ চাদৰ

নৈ পাৰৰ কঁহুৱাই উলাহতে হালে-জালে 

পাতি লৈ শুকুলাৰ মেলা।


শৰতৰ জোনাকত শেৱালিয়ে খিল্‌খিলাই হাঁহে

পুৱালৈ তলসৰি দুবৰিৰ নিয়ৰত নিতৌ গা পখালে 

চিক্‌মিক্‌ চিক্‌মিক্‌ পুৱাৰ সুৰুযৰ কিৰণত 

নিয়ৰৰ টোপালবোৰ মুকুতা হৈ জিলিকে

ৰিব্‌ৰিব্‌ মলয়াত শেৱালি সুবাস চৌদিশে বিয়পে 

পদুলিয়ে পদুলিয়ে দি যায় জাননী 

শৰত আকৌ আহিলে বুলি।


কোন কাৰ আপোন 

কোন কাৰ সপোন 

কোন কাৰ দাপোণ

শাৰদী ৰাণীক আদৰবিলৈ প্ৰকৃতিৰ সাজোন-কাচোন 

শৰালি,দেওহাঁহ উলাহত বিভোৰ।


মন প্ৰাণ জুৰোৱা 

দুখ-ভাগৰ পাহৰোৱা 

মৃত মনক নকৈ সঞ্জীৱনী ঢালি দিয়া ঋতুৰাণীক 

আদৰিবলৈ কত কিমান যে আয়োজন 

ঢাক-ঢোল,শংখ ,পেঁপাৰ মাত

দুৰ্গা মাৰ পূজাৰ বেদীত ধূৰ্প-ধূনা পূজা-অৰ্চনা ,মংগল ধব্বনি

আৰতিৰ  উৰুলিৰে হয় চৌদিশ মুখৰিত

মা দুৰ্গাৰ আৰ্শীষ বিচাৰি 

সকলোৱে কৰে দেৱীৰ চৰণত শিৰ নত।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages