ক্ৰোধ
মনোৰঞ্জন পেগু
গোগামুখ, ধেমাজি
সকলো আছে একোৱেই নাই
সকলোৰে মাজত আজি নিসংগ,
নিসংগতাৰ ৰয়-ৰমলি।
তৰাবিহীন আকাশত
জোনাকী মায়াৰ খেল
ক'লা মেঘে ঢাকি ৰখা কোমল কিৰণ।
মন-মগজুৰ ভিতৰ কোণত,
উমি উমি জ্বলি আছে চিতাগ্নিৰ জুই কোৰা।
এটি ভাগ ক’লা এটি ভাগ ৰঙা
ক্ৰোধাগ্নিত হেৰুৱাই চূৰ্ণ বিচূৰ্ণ হৈ
গৈ আছে গৈ আছে.........
আন্তৰিকতা, আত্মবিশ্বাস মৰম স্নেহৰ কোমল মাত।
ক্ৰোধে উদঙাই দুৰ্বলতাৰ প্ৰকাশ
ভবিষ্যত স্খলন অধপতন,
খঙৰ মূহুৰ্তত সমস্ত গুণ, ধ্বংসৰ গৰ্ভত লীন হৈ যায়
শেষ হৈ উন্নতিৰ দিশ, শেষ হৈ জ্ঞান অৰ্জনৰ শিক্।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬

No comments:
Post a Comment