ব্যৰ্থ প্ৰেমিক - ৩ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, September 30, 2026

ব্যৰ্থ প্ৰেমিক - ৩

 


ব্যৰ্থ প্ৰেমিক - ৩


                          সুভদ্ৰা পেগু

                               জোনাই 


স্বাভিমানৰ অগ্নিত অগ্নিদগ্ধ হৈ

মই পুৰি পেলালোঁ

মোৰ অনুভৱৰ আলসুৱা পৃষ্ঠাবোৰ।


তাৰ শেষৰ পাতটোত লিখা আছিল 


“বিচৰা হ’লে তোমাক কাঢ়ি আনিব পাৰিলোঁহেঁতেন,

নতুবা; জোৰকৈ ধৰি ৰাখিবও পাৰিলোঁহেঁতেন।


কিন্তু ভালপোৱাৰ কেঁচা মঙহ গচকি

মই মোৰ মনক 

শ্মশানলৈ ৰূপান্তৰ কৰিব নোৱাৰিলোঁ।”


Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages