বিনন্দীয়া
দীপিকা ফুকন
চুঙাজান, গোলাঘাট
গোলাঘাটৰ কোলাত
নামবৰৰ বুকুত লুকাই আছে
কুঁৱলী ফালি উৰি অহা ধোঁৱা
প্ৰকৃতিৰ গৰম উশাহ।
শতিকাৰ পৰা নিগৰি আছে নিৰৱধি
ধৰিত্ৰীৰ বুকু ফালি ওলোৱা পানী
শীতৰ পুৱাতো নুশুকায়
আইৰ বুকুৰ ওমৰ দৰে তপত।
নিমাখিত মানুহে কয় এয়া হেনো
"ঔষধি ধাৰা
দুখ-বিষাদ ধুই নিয়ে
হাত দিলেই জীপাল হয় দেহ
পৰশ পালেই শান্ত হয় প্ৰাণ"
কুৰি শতিকাৰ বিজ্ঞানে কলে
এয়া শিলৰ বুকুত 'গন্ধকৰ' লেপ
কাষতে ওলমা দলং
লগতে ৰিঙিয়াই নিজৰা
হোলোঙী বান্দৰৰ জঁপিয়নি
নাতি দূৰৈত ফটাশিল
বন-পৰিমল এয়া
আমাৰ গোলাঘাটৰ গৰমপানী।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬

No comments:
Post a Comment