মোৰ ফাগুন
যোগেশ্বৰ লাগাচু
ঘূমটি মাৰি ভাগৰ সলায়
দিন, বাৰ, সময়, ঋতু, মাহ
বান্ধি ৰাখিব কাৰ সাহ
এই নিৰস মোৰ ফাগুন
বাকলিহীন শুকান কাণ্ডৰ কলিজা
কুঁহিয়াৰ চেপা দি চেপি চেপি
ৰক্ত জবাৰ ৰস ঢালি ঢালি
আছে জী
জানানে ?
অনিশ্চয়তাৰ এই কেতেকী
জীয়া কবিতাৰ সংজ্ঞা বিচাৰি
আছেহি জীৱন সী... ।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬

No comments:
Post a Comment