ভালপোৱাৰ ৰং - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, September 30, 2026

ভালপোৱাৰ ৰং

 

ভালপোৱাৰ ৰং


                        হীৰা দেৱী 

                        পাঠশালা 


ভালপোৱাৰো ৰং আছে 

ৰঙা ,নীলা, হালধীয়া 

কেতিয়াবা ডালত বগাই 

কেতিয়াবা মাটিলৈ শিপাই 

চাকনৈয়াই পাকঘূৰণি খুৱায়

শুষ্ক তাৰে আৱৰা মৰুভূমিত

সূৰ্যৰ প্ৰেমৰ অভিসাৰ 

সেউজীয়া বোৰো মৰুকৰণৰ 

প্ৰেমত মতলীয়া 

এজাক শুষ্ক বহু ৰূপীৰ বাবে 

আদ্ৰ হ'বলৈ ও প্ৰেম লাগে 

গভীৰৰ পৰা গভীৰতালৈ

মাৰিয়ানা খাদৰ জন্ম হয়

পান্স্থালাচাৰ আবৰ্তত 

প্ৰেমৰ ৰং বোৰ জী উঠে

প্ৰতিবাৰ মৰাৰ পিছত

এজাক  প্ৰবাল  আবদ্ধ 

জীৱাশ্মৰ প্ৰেম বাহু  বন্ধনত

ভালপোৱাৰো সূত্ৰ  আছে 

ডেউকা ভঙাৰ আৰত।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages