হৃদয়ৰ ঠিকনা বিচাৰি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, September 30, 2026

হৃদয়ৰ ঠিকনা বিচাৰি

 

হৃদয়ৰ ঠিকনা বিচাৰি


                                           জয় দলে

                                           ধেমাজি


ঠিকনাবিহীন জীৱন যাত্ৰাত 

হৃদয়ৰ ঠিকনা বিচাৰি পাব পাৰি যানো..

মন আৰু বিবেকৰ বাকযুদ্ধত 

কোন জয় পৰাজয় হ'ব সেইয়া অনিশ্চিত !

স্থায়ী ঠিকনা থকাৰ পাছতো অস্থায়ী কেতিয়া 

হৈ পৰিলোঁ গমেই নাপালোঁ।

দুৰে-দূৰে থাকিও কাষত থকাৰ অনুমান কৰিছিলোঁ।

সকলো মাথোঁ আছিল মৰুভূমিত মৰিচিকা।

কোন দিশে গতি কৰিলোঁ বুজি নাপালোঁ 

হৃদয়ৰ ঠিকনা বিচাৰি।

ভুল নে শুদ্ধ,সত্য নে অসত্য টলকিবই নোৱাৰিলো 

চকুৰ পলকতে শেষ হৈ গ’ল সকলো 

কত অপেক্ষাৰে অপেক্ষিত হ’ল জীৱনৰ গতি 

দুৰ্ভগীয়া হৃদয়ৰ ঠিকনা বিচাৰি।

কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁ 

কিয় নহ’লো আন লৰাৰ দৰে 

কিয় ঘণ্টাৰ পাছত ঘণ্টা ফোন নকৰিলোঁ 

দিনটোত দহবাৰ কিয় নকৰিলোঁ ফোন ?

হৃদয়ে সুখত নে দুখত উত্তৰ দিয়ে নাজানো 

তাইক আমনি কৰাৰ ইচ্ছা নাছিল দহবাৰ 

তাই চাগে অফিচত ব্যস্ত আছে।

তাতেই অচিনাকি হৈ পৰিবলৈ একো নাই 

তাই মোৰ বিশ্বাসী,কাৰণ তাই মোৰ বৰ আপোন 

তাইৰ ভাৱধাৰাবোৰ মোৰ দৰে একেই আছিল

হঠাৎ অহা ধুমুহাজাকে কি কৰিলে বুজিব নোৱাৰিলো 

মৰম, বিশ্বাস ভাঙি চুৰমাৰ কৰিলে।

অবিৰাম গতিত কৰিলোঁ গতি হৃদয়ৰ ঠিকনা বিচাৰি।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages