অভিশপ্ত এটি শাৰদী ৰাতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, September 30, 2026

অভিশপ্ত এটি শাৰদী ৰাতি

 

অভিশপ্ত এটি শাৰদী ৰাতি


                                                  হৰেন কপ্তাক


সৰি পৰা শুকান পাতৰ কঁপনি,

মাজৰাতিৰ ভুলকৈ দিয়া কুকুৰাৰ ডাক।

চিঙি যোৱা সুৰৰ জিঞ্জিৰি তুলি,

সপোনবোৰে বাট হেৰুৱায়।


ছন্দহীন জীৱনৰ দুঃস্বপ্ন ৰাতি,

জোনাকবিহীন নিশাৰ ট্ৰেজেডী ফালি,

হামখুৰি খাই সৰি পৰে —

এপাহ শেৱালি।


বাঘদেৱীৰ হাতৰ চাবোকত তেতিয়াও

থৰথৰাই কঁপিছিল মহিষাসুৰমৰ্দিনী —


চিকিমিকি পুৱাৰ আৱৰণ খুলি

হেঙুলী বেলিয়ে কাণে কাণে কয়-

সেয়া আছিল অভিশপ্ত এটি শাৰদী ৰাতি।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages