দাদীমাই
এলিজা ৰাণী দাস
বালিগাওঁ, নগাওঁ
দাদীমাই গ'লগৈ। কেতিয়াও উভতি নহা বাটটোৰে। দেউতাই খবৰটো দি কিছুসময় মৌন হৈ ৰ'ল। মাৰ হঠাতে শেঁতা পৰি যোৱা মুখখনে চকুযুৰিক অনুমতি দিলে পানীবোৰ নিগৰাই দিবলৈ। গাওঁখনত এনে মানুহ হয়তো খুব কমেই আছিল যি খবৰটো শুনি ক্ষন্তেকৰ বাবে হ'লেও অস্বাভাৱিক হৈ পৰা নাই।
গাঁৱৰ, বিশেষকৈ চুবুৰীটোৰ মানুহখিনি হঠাতে ব্যস্ত হৈ পৰিল। মাইকী মানুহবোৰৰ আলোচনাৰ বিষয় হৈ পৰিল দাদীমাই। জীয়াই থকা সময়চোৱাত মানুহে বদনামৰ গ্লানি সহি তৎ নাপায় আৰু মৃত্যুৰ পিছত সেইজন মানুহৰে সুনামৰ অন্ত নপৰে। এয়াই আমাৰ সমাজৰ চিৰাচৰিত নিয়ম। অৱশ্যে দাদীমাইৰ দৰে অমায়িক আৰু মৰমীয়াল মানুহ এগৰাকীক লৈ যে কোনোবাই বদনাম গাব পাৰে সেৱা মনে নধৰে। হাতত দাখন লৈ দেউতা ওলাই গ'ল। গাঁৱত সৎকাৰ কৰিবলৈ চণ্ডালৰ প্ৰয়োজন নাই। ৰাইজেই সৎকাৰ কৰে। এখন নিৰ্দিষ্ট শ্মশানৰো দৰকাৰ নাই। থকাত অৱশ্যে কলঙৰ কাষতে ৰাজহুৱা শ্মশান এখন আছে। কিন্তু মানুহে নিজৰ খেতিৰ মাটিটুকুৰাৰ কোণ এটাতে আপোনজনক সৎকাৰ কৰিব পৰাটোও সৌভাগ্যৰ কথা বুলি ভাবে। মোনে মোনে খৰি কিনাৰো কথা নাই। প্ৰায়বোৰ মানুহৰ ঘৰৰ পাছফালে বাঁহনী বাৰী এখন থাকেই। সৎকাৰৰ বাবে প্ৰতিঘৰ মানুহে এডাল-দুডালকৈ যিমান পাৰে বাঁহ দিয়ে। বিনামূলীয়াকৈ। কেইটামান ডেকাল'ৰা আহিল আমাৰ পাছফালৰ বাৰীত বাঁহ কাটিবলৈ। বাঁহত মৰা ঘাপকেইটা যেন বুকুতে পৰিল এনে লাগিল। মাত্ৰ অলপ সময়। উৰি যাব দাদীমাই ধোঁৱা হৈ।
: শুনিছ নিয়াই। অমুকৰ জীয়েকৰ বিয়াৰ দিন ঠিক হ'ল নহয়। তমুকৰ মাকৰ অসুখ নহয়। গাঁৱৰ বাবে তেওঁ যেন গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অবৈতনিক কৰ্মী। কাৰ ঘৰত কি হৈছে, ক'ত কি ঘটিছে সকলো খবৰ তেওঁৰ জিভাৰ আগত। কেৱল খবৰ সংগ্ৰহ কাৰীয়ে নহয়, দাদীমাই গাওঁবাসীৰ বাবে বিপদৰ লগৰী। কাৰোবাৰ ঘৰত বেমাৰী থাকিলে ৰখীয়া হয় দাদীমাই। কাৰোবাৰ ঘৰত সেৱা-সকাম পাতিলে দিহা-পৰামৰ্শ দাতা গৰাকী হ'ল দাদীমাই। কোনোবাজনী মানুহে আপোনজনক হেৰুৱায় অকলশৰীয়া হ'ল, তাইৰ ৰখীয়া হয় দাদীমাই। বিয়ানাম, হৰিনাম, ঘোষা-পদ, বৰগীত কি নাজানে তেওঁ! দাদীমাইক দেখিলে মনলৈ আহে খগেন মহন্তৰ কন্ঠৰ অ' হেৰ' জেতুকী বাই গীতটো। নাম-গুণ গাই ফুৰা দাদীমাই জনী যেন সাইলাখ জেতুকী বাইজনীয়ে।
নহয়নে নিয়াই, হয়নে নিয়াই, শুনিছনে নিয়াই-এই নিয়াই শব্দটো শুনিবলৈকে কথা পাতোঁ। কিন্তু শব্দটোৰ অৰ্থটো আজিলৈকে নাজানিলোঁ। হয়তো কোনেও নাজানে। ইয়াৰ নাই কোনো আভিধানিক অৰ্থ। কিন্তু এই শব্দটোৱে দাদীমাইৰ মুখৰ ভাষাটো অধিক সুন্দৰ কৰি তুলে।
দাদীমাই আছিল শালমৰা গাঁৱৰ ছোৱালী। তুলনী হোৱাৰ কেইদিনমানৰ পাছতে বোৱাৰী হৈ গুছি আহিছিল আমাৰ গাঁও শুৱনি কৰিবলৈ। ওমলি ফুৰা বয়সত তেওঁৰ বিয়া হৈছিল। গতিকে গাত কথা পৰাই নাছিল। পিছলৈ দাদীমায়ে বিয়া নাম এফাকি নোগোৱাকৈ বিয়া এখনো নোহোৱা গাওঁখনলৈ বিয়া হৈ অহাৰ সময়ত কিন্তু বিয়া মানে কি, বিয়াৰ পিছত কি হয় সেয়া তেওঁ একো নাজানিছিল। এদিন ৰসৰ ভঁৰাল দাদীমাইয়ে লাজ লাজ কৈ কৈছিল বিয়াৰ পাছৰ প্ৰথম নিশাৰ কাহিনী। তুলনী বিয়াৰ ভাগৰ শেষ নহওঁতেই বৰ বিয়া ভাগো সম্পন্ন হ'ল তেওঁৰ। ভাগৰত দাদীমাইৰ অৱস্থা কাহিল। অৱশ্যে তেতিয়া তেওঁৰ নিজাকৈ এটা নাম আছিল। দাদীমাই নামাকৰণ কেতিয়া, কোন খটাসুৰ নাতিয়েকে কৰিছিল কোনেও নাজানে। হয়তো কোনোবাই ধেমালিতে দাদীমা বুলি কৰা সম্বোধনটো গাঁৱলীয়া সমাজত দাদীমাই হৈ পৰিল আৰু ডেকা-বুঢ়া সকলোৰে মাজত নামটো ইমান জনপ্ৰিয় হ'ল যে তেওঁৰ আচল নামটো ক'ৰবাত হেৰাই গ'ল। এতিয়া আহোঁ কাহিনীটোলৈ। খুবা-খুবীৰ সামাজিক নিয়মখিনি শেষ কৰি ৰাইজ ঘৰা ঘৰি যায় মানে ন-কইনা আহি বিছনাত বাগৰ দিলে। টোপনিয়ে চকুদুটা হেঁচা মাৰি ধৰিছে। কিন্তু নতুন ঘৰ, নতুন মানুহবোৰৰ মাজত টোপনি যাবলৈ ভয় লাগিছে। তেনেতে কেৰেক্কৈ শব্দ এটা কৰি তেওঁৰ কোঠাৰ দুৱাৰখন মেল খালে আৰু খন্তেকতে আকৌ বন্ধ হৈ গ'ল। চাকিৰ কানিমুনি পোহৰত দেখা পালে এটা ওখ-পাখ ছায়ামূৰ্তি তেওঁৰ ফালে আগুৱাই আহি আছে। ছায়ামূৰ্তিটো আহি বিছনাৰ কাষ পাওঁতে মুখখন স্পষ্ট হৈ পৰিল। সেয়াচোন তেওঁৰ দৰাটো। এই ৰাতিখন অকলশৰীয়া ছোৱালীজনী শুই থকা কোঠাটোলৈ কিয় আহিছে মানুহটো! দাদীমাইৰ বুকুখন এক অজান আশংকাত কঁপি উঠিল। লগতে সস্তম হৈ থাকিল হাত আৰু ভৰি কেইখন। টোপনিৰ ভাও ধৰি তেওঁ মানুহটোৰ আলেখ-লেখ চাই আছে।মানুহটোৱে ফু মাৰি জ্বলি থকা চাকিটো নমুৱাই দিলে। কোঠাটো আন্ধাৰে আৱৰি ধৰিলে। লাহে লাহে বিছনাত উঠি মানুহটোৱে দাদীমাইৰ গাত হাত দিলে। নাই, এইবাৰ আৰু দাদীমাইয়ে নিজক সন্তোলিত কৰি ৰাখিব নোৱাৰিলে। এটা প্ৰচণ্ড গোৰ মাৰি মানুহটোক বিছনাৰ পৰা মাটিলৈ পেলাই দিলে। খং আৰু অপমানত একো নাই হৈ মানুহটো কোঠাৰ পৰা ওলাই গ'ল। ৰাতিটো দাদীমাই শান্তিৰে শুলে। পুৱা বেলি ওলোৱাৰ আগতেই চুবুৰীৰ বোৱাৰীহঁতে দাদীমাইক জগালেহি কলঙত গা-ধুবলৈ যাবলৈ। নৈৰ ঘাটত হাঁহি-খিকিন্দালি, ন-কইনাক জোকাই মৰিব লগা কৰাতহে কইনাই বুজি পালে যে বিয়াৰ পাছত দৰা-কইনা একেটা কোঠাতে শুৱে। ৰাতি যে গিৰিয়েকৰ লগত তেওঁ অন্যায় ব্যৱহাৰ কৰিলে সেই কথা ভালকৈয়ে বুজি পালে। আত্মগ্লানিত ভুগি ততাতৈয়াকৈ ঘৰলৈ আহিল। ভাবিলে দীঘল দি পৰি গিৰিয়েকৰ ভৰিত ধৰি ক্ষমা খুজিব। কিন্তু ইফালে-সিফালে চাই ক'তো মানুহজনক দেখা নাপালে। পুৱাৰে পৰা মানুহজনক ঘৰৰ মানুহৰ লগতে চুবুৰীয়াইও দেখা নাই। ন-কইনাৰ ভয়ত অন্ঠ-কন্ঠ শুকাই গ'ল। কামত মন নবহা হ'ল। বেলি দুপৰ হ'ল। ভাত বাঢ়ি কইনা আমন-জিমনকৈ বহি আছে। হঠাতে মানুহটো গলখেকাৰি এটা মাৰি পথাৰৰ পৰা ওলালহি। হাতত এখালৈ শেলুক্। ন-কইনাই পানী এঘটি আনি ভয়ে ভয়ে মানুহজনৰ হাতত তুলি দিলেহি। মানুহজনৰ চকুত খং নাই। নাই অভিমানৰ চিন। এনেকৈ আছে যেন ৰাতি কি হৈছিল তেওঁৰ একো মনতে নাই।
ক্ষমা খুজিব লগা নহ'ল। সেই পৰিবেশ মানুহজনে নিদিলে। ভয়ভাৱটো আঁতৰি অবুজ মৰম অলপে ঠাই ল'লে দাদীমাইৰ অন্তৰত। সেই মৰমৰ চিনস্বৰূপে চাৰি-পাঁচটা ল'ৰা-ছোৱালীৰ মাক হ'ল তেওঁ। আৰম্ভ হ'ল ব্যস্ততাপূৰ্ণ জীৱন। গোহালিত গৰুৰ জাক, তাঁতৰ শালত এজুতিৰ পাছত আনজুতি কাপোৰ, পথাৰৰ ৰোৱা-কটা কৰিও ল'ৰা-ছোৱালীক পঢ়াই-শুনাই ডাঙৰ কৰাৰ দায়িত্ব সঠিকভাৱেই পালন কৰিলে দাদীমায়ে। কিন্তু সময় একেই নাথাকে। সংসাৰৰ কৰ্তব্যখিনি সম্পন্ন কৰি ককা অৰ্থাৎ দাদীমাইৰ গিৰিয়েকে এদিন সকলোকে কন্দোৱাই গুচি গ'ল। ছোৱালীহঁতক বিয়া দি ল'ৰাহঁতলৈ বোৱাৰী আনি ঘৰুৱা কামৰ পৰা আজৰি হৈ দাদীমাই ব্যস্ত হৈ পৰিল ইটো-সিটো সামাজিক কামত। আনৰ দুখত দুখী হ'বলৈ শিকা দাদীমাইয়ে পাহৰি পেলােল নিজৰ দুখ-কষ্টবোৰ।
সময়ৰ গতিক কোনেও বাধা দিব নোৱাৰে। বাধা দিব নোৱাৰে সময়ে লোৱা সিদ্ধান্তক। সঁজাল ধৰি উঠা ঘৰ এখন সময়ৰ গতিয়ে থানবান কৰি পেলাব পাৰে। সেই সময়ত অদৃষ্টৰ ওপৰত দোষ জাপি দি ক্ষোভ উজৰাৰ বাহিৰে আমি আন একো কৰিব নোৱাৰোঁ। চকুৰ আগতে তেনে এখন ঘৰ দেখিছোঁ। যিখন ঘৰত ভাই-ভনী, ভাই-বোৱাৰী, ভতিজা-ভতিজীৰে ঠাহ্ খাই আছিল, এদিন সেইখন ঘৰ শূণ্য হৈ পৰিল। সেইখন আছিল আমাৰ ঘৰৰ সীমাতে থকা সম্পৰ্কীয় পেহীহঁতৰ ঘৰখন। ভায়েকৰ অকাল মৃত্যু, চাকৰি সূত্ৰে বোৱাৰীয়েক আৰু ল'ৰা-ছোৱালী দুটা কোৱাৰ্টাৰত থাকিবলৈ লোৱা, এজনী এজনীকৈ আটাইকেজনী ভনীয়েকক বিয়া দি আজৰি হৈ নিজে বিয়াৰ কথা ভাবিবলৈ সময় নোপোৱা পেহীজনী, সৰু ভনীয়েকক বিয়া দি উলিয়াই দিয়াৰ পিছত একেবাৰে অকলশৰীয়া হৈ পৰিল। পেহীক ৰাতি ৰখাৰ দায়িত্ব পৰিল দাদীমাইৰ ওপৰত। সন্ধিয়া আৰু ৰাতিপুৱা হৰিনাম, বৰগীত, বিয়ানাম আদি গাই পেহীৰ ঘৰখন মুখৰ কৰি তোলে দাদীমায়ে। ৰাতিপুৱা আন্ধাৰে-পোহৰে উঠাতো দাদীমাইৰ অভ্যাস। সেই সময়ত আমাৰ চোতালৰ আগতে এজোপা শেৱালি ফুল আৰু এজোপা বগৰীৰ গছ আছিল। পুৱা উঠি ঘৰলৈ যাওঁতে বগৰীৰ দিনত বগৰী এটোপোলা আৰু শেৱালি ফুলাৰ দিনত শেৱালি ফুল এটোপোলা বুটলি লৈ যায় দাদীমায়ে। তেওঁৰ ঘৰ আমাৰ ঘৰৰ পৰা দহ-বাৰটামান পদূলিৰ সিফালে। আচৰিত কথাটো হ'ল এই টোপোলাবোৰ কোনোদিনে গৈ তেওঁৰ ঘৰ নাপায়। বাটত যাক যেনেকৈ পাই বিলাই যাওঁতেই টোপোলা খালি হৈ যায়।
এবাৰ এটা আমোদজনক ঘটনা ঘটিল। আমাৰ ঘৰৰ ভিতৰত বান্দৰ এটা সোমাই আলনাৰ কাপোৰৰ আঁৰত লুকাই আছিল। মই দেখা পাই চিঞৰ-বাখৰ লগোৱাত দুই-এটা মানুহ গোট খালে। বান্দৰটো হয়তো কোনোবাই ঘৰত পুহিছিল। দাদীমাইৰ সৰুটো পুতেকে মৰাপাটৰ বস্তা এটা মেলি ধৰি আহ আহকৈ মতাত বান্দৰটো বস্তাৰ ভিতৰলৈ সোমাই গ'ল। গা-পা ধুৱাই তাক দাদীমাইহঁতৰ ঘৰতে ৰাখিলে। দুদিন কল-বিস্কুট খোৱাই দাদীমায়ে ভাবিলে বান্দৰে পোহ ল'লে। গতিকে মূৰটো পাতি বান্দৰক ওকনি চাবলৈ দিলে। অলপ সমযৰ পিছত বোলে হ'ব আৰু মই উঠোঁ। বান্দৰে চুলিঘটা দি বুজাই দিলে নোৱাৰ যাব। কিন্তু দাদীমাইও আঁকোৰগোজ। উঠি যাবই। বান্দৰে দিলে ভৰিত কামুৰি। লগে লগে হুলস্থূল লাগিল। এফালে দাদীমাইক ডাক্তৰৰ ঘৰলৈ নিয়া হ'ল আনফালে বান্দৰক চাইকেলত উঠাই পঠাই দিয়া হ'ল দূৰত এৰি দিবলৈ। ঘটনাটোত সামান্য কৰুণ ৰস আছে যদিও 'শুনিছনে নিয়াই' বুলি দাদীমায়ে কাহিনীটো এই ধৰণে ক'বলৈ আৰম্ভ কৰে যে, হাঁহি হাঁহি মানুহৰ পেটৰ বিষ উঠে।
দাদীমাইৰ জীৱনত এটাই দুখ। বাকীকেইটা ল'ৰা-ছোৱালীৰ গতি-গূত্ৰ লগালে যদিও সৰু ল'ৰাটোৰ ক্ষেত্ৰত কৰ্ম সংস্থাপন, বিয়া-বাৰু একোতে আগবাঢ়িব পৰা নাই। তাতে আকৌ উদঙীয়া ডেকা। সেয়ে দাদীমাইৰ মনত অনবৰতে ভয় এটা লাগি থাকে সি যদি কাৰোবাৰ লগত কাজিয়া-পেচাল কৰে। তাৰে সুবিধা লৈ কিছুমান দুষ্ট মানুহে জোকাই পুতেৰে অমুকৰ লগত কাজিয়া লাগিছে। নিমিষতে গৈ দাদীমাই সেইখিনি ঠাইত উপস্থিত হয়। যিমানেই আমনি নকৰক দাদীমায়ে কোনোদিনে কাকো খং কৰা দেখা নাপালোঁ। কাকো এষাৰ টানকৈ কৈ নাপায়। অনবৰতে প্ৰফুল্ল বদনে থকা দাদীমাই কিছুদিন ধৰি শয্যাগত হৈ আছিল।
বুজাজনে বুজিলে দাদীমাইৰ আয়ুসত আৰু বেছিদিন চাউল নাই। গতিকে আত্মীয়-কুটুম, ওচৰ-চুবুৰীয়াই যিমান পাৰে বিধে বিধে সুস্বাদু আহাৰ দাদীমাইলৈ বুলি লৈ যোৱা হ'ল। কোনে জানে কোনসাঁজ ভাত অজান মুলুকলৈ যোৱা বাটত শক্তি দিব পৰাকৈ শেষ আহাৰ হয়। কিন্তু দাদীমায়ে বুজাই দিলে তেওঁৰ ইন্দ্ৰিয়সমূহে সেয়া গ্ৰহণ নকৰে। আমাৰ ঘৰৰ পৰাও মায়ে ৰান্ধি-বাঢ়ি লৈ গৈছিল এসাঁজ। যদিওবা এই নিয়মৰ ঘোৰ বিৰোধী আমি। মানুহক খাব পৰা হৈ থাকোঁতে খুৱালেহে তৃপ্তিৰে খাব। মৃত্যুৰ আগমুহূৰ্তত ৰোগীক বা মৃত্যুৰ পিছত শ্ৰাদ্ধ পাতি মাছে-মঙহে খুৱাই লাভেই বা কি !
দেউতাই চিঞৰি মাত দিয়াত সাজু কৰি ৰখা পানীঘটি আৰু দিয়াচলাইটো লৈ পদূলিলৈ ওলাই গ'লো। মায়ে ইতিমধ্যে খেৰৰ জুমুঠি এডাল পদূলিমুখত সাজু কৰি থৈছিল। দেউতাই সৎকাৰ স্থলীৰ পৰা পোনে পোনে গৈ কলঙত গা-ধুই আহিছে। তিতাবাহকৰ পাত চুবাই মুখৰ ভিতৰৰ বীজাণু মাৰিছে আৰু অৱশিষ্ট বীজাণুকেইটা মাৰিবৰ বাবে খেৰৰ জুইত গাটো সেকিছে। অতীতৰ পৰা চলি অহা এই নিয়মবোৰৰ মাজত বিজ্ঞানৰ প্ৰভাৱ দেখি ভাল লগাই নহয় তাহানি দিনৰে সেই চিন্তাধাৰাই আচৰিত কৰিও তুলে়। এইবোৰ কেৱল নিয়ম নহয়, নিজক সুস্থ ৰখাৰ কৌশলো হয়। কলঙখনলৈ চাই পঠালোঁ। শান্ত গতিৰে অনবৰতে আগবাঢ়ি গৈ থকা নদীখনে দুয়োপাৰত কিমানটা পুৰুষৰ কিমান মানুহক শেষ আশ্ৰয় দিছে তাৰ হিচাপ নাই। কলঙখন যেন বহু মানুহৰ জীৱন আৰু মৃত্যুৰ কাহিনী সমৃদ্ধ এখন অলিখিত উপন্যাস। চিৰনিদ্ৰাত শুই পৰা দাদীমাইৰ মুখখন শেষবাৰৰ বাবে চাবলৈ মন নকৰিলোঁ। কাৰণ, দাদীমাইক তেওঁৰ স্মৃতিবোৰৰ মাজেৰে চিৰদিন মোৰ বুকুৰ মাজত জীয়াই ৰখাৰ সিদ্ধান্ত লৈছোঁ। আনৰ চিন্তাত প্ৰায়ে উজাগৰী নিশা কটোৱা দাদীমাই আজি শান্তিৰে শুইছে। শুৱক। আমনি নকৰোঁ। মায়ে কৈছিল, ভালেমান দিন আগতে এদিন ওৰেটো নিশা দাদীমাইৰ হেনো টোপনি যোৱা নাছিল। পুৱাই আহি মাক কথাটো ক'লেহি। টোপনি নোযোৱাৰ কাৰণটো জানি মায়েও নকন্দাকৈ থাকিব নোৱাৰিলে। তেওঁৰ হেনো ৰাতিয়েই মনত পৰিল আমাৰ ছোৱালী দুজনীক বিয়া দিয়াৰ পাছত মা-দেউতাই বৃদ্ধ বয়সটো অকলশৰীয়াকৈ কেনেকৈ কটাব।
এতিয়া সকলো চিন্তা সামৰি থৈ দাদীমাই ধোঁৱা হৈ উৰি গ'ল। এদিন দাদীমায়েই কৈছিল আকাশত সৰগ আছে, পাতালত নৰক। দাদীমাইৰ দৰে সৰল মনৰ মানুহ গৰাকীয়ে নিশ্চয়কৈ সৰগতে ঠাই পাব। সেয়া সৰগ অভিমুখে গৈ আছে দাদীমাই... ধোঁৱা হৈ... আকাশৰ দিশে...

No comments:
Post a Comment