বিশ্ব-সাহিত্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, September 30, 2026

বিশ্ব-সাহিত্য

 

বিশ্ব-সাহিত্য


(১)


অ’ জীৱনৰ সৰু বিষাদঘন উল্লাস


                              মূলঃ (ইংৰাজী) এন কার্জন

                                 ভাঙনিঃ ৰুদ্র সিংহ মটক


ওৰেটো ৰাতি 

চকুহাল মুদি 

তোমাৰ কাষত কটাবলৈ 

মোৰ ভাল লাগে।


কি যে সৌভাগ্য-

চোৱা, তুমি আহিছা 

নক্ষত্র পথেৰে, 

লাহে লাহে 

মোৰ কাষলে'!


মই মোৰ মনন আৰু হৃদয় বিয়পা 

এটা দীঘল পথ ভ্রমণ কৰিছিলোঁ-

আৰু 

বাটৰ দাঁতিতে দেখিলোঁ তোমাক,


আঁঠু লৈ বহি, 

ক্ষুদ্ৰ সঁজুলিৰ বাকচটো কাষত থৈ 

কিবা এটা মেৰামতি কৰি আছা।


মোক এখন পৃথিৱী দিয়া-তুমি যে কাঢ়ি লৈছিলা


মোৰ সেই আপোন পৃথিৱীখন।



(২)


প্ৰেমত মানুহবোৰ ভয়াৱহ


                              মূলঃ (ইংৰাজী) এন কার্জন

                                 ভাঙনিঃ ৰুদ্র সিংহ মটক


প্ৰেমত পৰা মানুহবোৰ ভয়াৱহ।

তুমি দেখা পোৱা সিহঁতে কাঢ়ি খাবলৈ 

খেদি আহে প্রাগৈতিহাসিক কুকুৰনেচীয়াৰ দৰে 

ইটোৱে সিটোক,


দেখিবা, নিজৰ অস্তিত্বৰ বাবেই সিহঁতৰ সংগ্রাম


গভীৰলৈকে খামুচিব খোজা শিপা অথবা আত্মাৰ 

বাঢ়ি অহা হাহাকাৰৰ দৰেই সেয়া জ্বলি উঠে ক্ষন্তেকৰ বাবে,

তাৰ পিছত সিহঁতে ভাঙি চূৰমাৰ কৰি পেলায় তাক।


সিহঁতৰ মাজৰ ভিন্নতাই 

হাড়বোৰ ভাঙি গুড়ি কৰি কাঢ়ি নিয়ে।

কি ভীষণ কোমল এই হাড়বোৰ !




এনি কাৰ্ছনৰ (Anne Carson) চমু পৰিচয়ঃ

    এনি কাৰ্ছনৰ জন্ম (১৯৫০) কানাডাৰ টৰণ্টোত। এগৰাকী বিশিষ্ট কবি, প্ৰবন্ধকাৰ আৰু ধ্রুপদী সাহিত্যৰ পণ্ডিত। গ্রীক আৰু ৰোমান সাহিত্যৰ গভীৰ জ্ঞানে তেওঁৰ কবিতাক এক স্বকীয় বৌদ্ধিক পৰিসৰ প্ৰদান কৰিছে। কাৰ্জনৰ ৰচনাত কবিতা, গদ্য, অনুবাদ, পৌৰাণিক কাহিনী আৰু দার্শনিক চিন্তাৰ সৃষ্টিশীল সংমিশ্রণ দেখা যায়। Glass, Irony and God, Autobiography of Red আৰু The Beauty of the Husband বিশেষভাৱে উল্লেখযোগ্য গ্রন্থ। Autobiography of Red গ্রন্থত প্রাচীন গ্রীক পৌৰাণিক কাহিনীক আধুনিক জীৱনৰ অনুভৱেৰে নতুন ৰূপ দিয়া হৈছে।

   পৰম্পৰাগত কবিতাৰ গাঁথনি ভাঙি তেওঁ কবিতা আৰু গদ্যৰ মাজত এক নতুন সৃষ্টিশীল ক্ষেত্র নির্মাণ কৰিছে। চিৰায়ত ধ্রুপদী সাহিত্যৰ উপাদানক সমকালীন জীৱনৰ সৈতে সংযোগ কৰাটো কাৰ্জনৰ অন্যতম সৃষ্টিশীল বৈশিষ্ট্য। আবেদনক্ষম চুটি বাক্য, সংযত ভাষা আৰু অভিনৱ চিত্ৰকল্প তেওঁৰ কাব্যশৈলীৰ উল্লেখযোগ্য বৈশিষ্ট্য। আধুনিক বিশ্ব-কবিতাত নতুন কাব্যভাষা আৰু ৰূপৰ সন্ধান কৰা

    কবিসকলৰ মাজত এনি কাৰ্ছনৰ স্থান অতি গুৰুত্বপূৰ্ণ। তেওঁ টি. এছ. এলিয়ট বঁটা, দুবাৰকৈ গ্রিফিন কবিতা বঁটা আৰু প্রিন্সেছ অৱ আঙুৰিয়াছ বঁটাকে ধৰি বহু সন্মান লাভ কৰিছে। ২০২৬ চনৰ ৮ অক্টোবৰত এনি কাৰ্ছনে বিশ্বজনীন কাব্যসৃষ্টিৰ বাবে ন'বেল বঁটা লাভ কৰে।



ঠিকনা

অম্বিকাগিৰি নগৰ

হাউছ নং--তিনি, ত্রিবেণী পথ,

গুৱাহাটী-৭৮১০২৪

ফোন-৭০০২৩০৩৮৮২



মূল কবিতা


1)

O Small sad Ecstasy of Life


                                         Anne Carson


I like being with you all night with closed eyes.

What luck-here you are 

coming 

along the stars!

I did a road trip 

all over my mind and heart 

and 

there you were 

kneeling by the roadside 

with your little toolkit 

fixing something.


Give me a world, you have taken the world I was.



2)

Humans in Love are Terrible


                             Anne Carson


Humans in love are terrible. 

You see them come hungering 

at one another like prehistoric wolves, 

you see something struggling for life 

in between them like a root or a soul 

and it flares for a moment,

then they smash it.

The difference between them smashes

the bones out.

So delicate the bones.


Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages