ধুমুহা
মফিজুদ্দিন চৌধুৰী
ছোটহয়বৰ, নগাঁও
(এক)
অজিৎ ৰায় আমাৰ মেচটোৰ ভিতৰত বৰ আচৰিত ল'ৰা। আজি তিনিবছৰ একেলগে একে শ্ৰেণীতে পঢ়ি আহিছোঁ, একেটা মেচতে বাস কৰি আহিছোঁ— তথাপি তাক মই আজিলৈকে ভালদৰে বুজি নাপালোঁ। মোৰ বাবে সি এটা দুৰ্বোধ্য সপোন হৈয়ে থাকিল। সময়ে সময়ে তাক মোৰ বৰ ভাল লাগে। মাজে সময়ে তাৰ নাভ্ৰুত-নাশ্ৰুত কাণ্ডখন দেখিলে মোৰ খঙো উঠে। খঙৰ কোবত হয়তো কেতিয়াবা তাক গালিও পাৰি দিওঁ। সি কিন্তু সেইবোৰ অনায়াসে হজম কৰি পেলায়। কোনো ধৰণৰ প্ৰতিবাদ নাই। বৰং সেই খং কেনেকৈ মাৰ নিয়াব পাৰি তাৰেই কিবা এটা উপায় উলিয়াই সকলোকে হঁহুৱাই দিয়ে।
প্ৰথম দিনা যেতিয়া সি আমাৰ মেচত ভৰ্তি হয় তেতিয়া মই, স্বপ্না আৰু অমৰ মেচটোতে বহি কথা পাতি আছিলোঁ। আমাৰনো আৰু কথা কি, যোৱা ৰাতি চোৱা চিনেমাখনৰ বিষয়ে আলোচনা কৰি আছিলোঁ। স্বপ্নাই অৱশ্যে চোৱা নাছিল। সেইবাবে তাই সকলো মনে মনে শুনি গৈছিল।
"বুজিছ অমৰ, সেই ছবিখনত বৈজয়ন্তীমালাৰ গা ধোৱাৰ দৃশ্যটো মোৰ বৰ ভাল লাগিল। সাইলাখ যেনিবা জলকুৱৰীজনী। ডিৰেক্টৰে নায়িকাৰ সৌন্দৰ্য আৰ্টিষ্টিকভাৱে ফুটাই তুলিব পাৰিছে।"
কথাষাৰ শুনি স্বপ্নাৰ মুখখন লাজত গোলাপ ফুলৰ ৰঙচুৱা যেন হৈ পৰিছিল। খন্তেকৰ বাবে ফুটি উঠা তাইৰ এই সৌন্দৰ্য দেখি মই সম্মোহিত হৈছিলোঁ!
"বাদ দে সেইবোৰ।" অমৰে মোৰ কথা শুনি কলে,"সেই দৃশ্যটোত ডিৰেক্টৰে সীমা অকণমান চেৰাই গৈছে আৰু। সেইবোৰ দেখি বহু দৰ্শকে বেয়াও পায়। তাক আৰু মাৰ্জিত কৰি দেখুৱাব পাৰিলেহেঁতেন...।"
অমৰে হয়তো আৰু কিবা ক'লেহেঁতেন, কিন্তু তেনেকুৱাতে সোমাই আহিল অজিৎ ৰায়। সোমায়েই সি ল'ৰাৰ মেচত ছোৱালী দেখি অলপ চমক খোৱা যেন লাগিল। তাৰ পাছত নিজকে চম্ভালি লৈ মোৰ ফালে চাই আবৃত্তি কৰাৰ সুৰত ক'লে—
"সপোনৰ বুকু ফালি তুমি হেৰা কোন
দেখা পালোঁ ল'ৰাৰ মেচত?"
"কেনে অভদ্ৰ!" স্বপ্নাই লাজত ৰঙা পৰি তাৰ ফালে ঘোপাকৈ চালে।
"You are wrong!" অজিতে নিৰ্বিকাৰ হৈ ক'লে,"মই বলভদ্ৰ নহয়, মিচ; অজিৎ ৰায়হে।
আপুনি নো কোন?" তাৰ ৰগৰসনা কথা শুনি আমি নাহাঁহি নোৱাৰিলোঁ। স্বপ্নাৰ মনটোও অকণমান পাতল হ'ল।
অমৰ আৰু মই অজিতক অলপ অচৰপ চিনি পাওঁ। যোৱাবাৰ নগাঁৱৰ কলেজ কনফাৰেন্সতেই তাৰ সৈতে পৰিচয় হৈছিলোঁ।
স্বপ্নাৰ বাবে সি অচিনাকী।
"পিছে ধুমকেতুৰ দৰে দেখোন আহি দেখা দিলিহি?"
মোৰ কথা সম্ভৱ তাৰ কাণত নোসোমাল। সি স্বপ্নাৰ ফালে চাই ক'লে,"ক্ষমা কৰিব মিচ। প্ৰথম পৰিচয়তে এনেকৈ জাৰি-জোকাৰি চাবলৈ ভাল লাগে। তাতেই আকৌ এই দুটাক দেখি কবলৈ অলপ সাহসো পালোঁ।"
তাৰ পাছত নিজৰ পৰিচয়
সি নিজেই দি দিলে। আমাৰ মধ্যস্থতাৰ কোনো প্ৰয়োজনেই নহ'ল।
"পিছে অহাৰ উদ্দেশ্যটো কি নকলি দেখোন?" মই সুধিলোঁ।
"ৰচোন ৰ, গৰমে গৰমে সুধিছ কিয়? আহি পাইছোহে মাথোন। আগতে মোক বহিবলৈ কৈ চৰবত এগিলাছ যোগাৰ কৰি দিবহে লাগিছিল!" সি ক'লে।
"অ বহ আকৌ। তাকো তোক ক'ব লাগিবনে?"
সি মোৰ কাষতে বহি লৈ ক'লে,"আৰু চৰবৎ!"
"ধেৎতেৰি! ক'ত পৰ্বতত কাছৰ কণী বিচাৰিছ? পিয়াহ লাগিছে যেতিয়া পানী এগিলাচ খাবি বাৰু। এতিয়া ক।"
সি ৰুমাল উলিয়াই মুখখন মচি কবলৈ ধৰিলে, "শুনিব খুজিছ শুন বাৰু। এনেই নুসুধিলেও কথাটো তহঁতক ক'বই লাগিব। আমাৰ কলেজত অলপ গণ্ডগোল লাগি আছে। তাত এতিয়া পঢ়াৰ পৰিৱেশ নাই। সেয়ে এইফাললৈকে ধপলিয়াই আহিলোঁ। এতিয়া তহঁতৰ ইয়াতেই থাকি কলেজত পঢ়িম বুলি ভাবিছোঁ। কি কয় মিচ, বেয়া নহ'ব বোধকৰোঁ?" স্বপ্নাৰ ফালে চাই সি সঁহাৰি বিচাৰিলে।
"ওহো, বেয়া হ'বৰ কিটো আছে?" স্বপ্নাই লাজকুৰীয়া হাঁহিৰে কওঁ নকওঁকৈ ক'লে।
স্বপ্নাই হয়তো ভাবিছে, ল'ৰাটো বৰ নিলাজ! নহ'লেনো প্ৰথম পৰিচয়তে ইমান বেপৰুৱা হৈ কথা ক'ব লাগেনে?
(দুই)
"চালা মূৰ্খ, বদমাচ! তাইৰ যদি তোৰ প্ৰতি মোহ নাছিলেই তোক পাগল হ'বলৈ কিহে পাইছিল, ষ্টুপিড্!" অজিতে ৰঞ্জিতৰ গালত এক প্ৰচণ্ড চৰ শোধালে।
" কি হ'ল ঔ অজিৎ? হৈছে হৈছে আৰু নামাৰিবি তাক।" মই উধাতু খাই দৌৰি গৈ তাক বাধা দিলোঁগৈ।
" হ'বলগীয়াটোৱেই হ'ল। তাক মই কিমান ৱাৰ্নিং দিলোঁ পদ্মিনীৰ লগ এৰিবলৈ। কোনোবাই যাক ভাল নাপায় তাক কিবা জোৰকৈ পোৱাব পাৰি নেকি? তই তাইৰ লগ এৰ, কপালত থাকিলে ভবিষ্যতে ঢেৰো পাবি। সি মোৰ কথা শুনে ক'ত? এতিয়া তাৰ সেকাটোও ভালকৈ পালে। দিওয়েই নেকি আৰু দুটামান।" সি আকৌ ৰঞ্জিতৰ ফালে চোঁচা ল'লে।
অমৰে তাৰ দুয়ো হাতত ধৰি বাধা দিলে।
"ৰচোন, হ'ব আৰু! যি হৈছে সেয়ে যথেষ্ট।" তাৰ পাছত ৰঞ্জিতৰ ফালে চাই ধমকি দিয়াৰ সুৰত ক'লে, " তই এতিয়াও ইয়াতে ৰৈ আছনে, নিলাজটো ক'ৰবাৰ! যা, আতৰ হ বেগেতে!"
ৰঞ্জিতে এবাৰ অমৰৰ ফালে কৰুণ দৃষ্টিৰে চাই তলমূৰকৈ আমি অহাৰ ফালে গুচি গ'ল।
ৰঞ্জিত আমাৰ মেচতে থাকে। ফাৰ্ষ্ট ইয়েৰত পঢ়ে। তাৰ একে ক্লাছৰে পদ্মিনী নামৰ ছোৱালীজনীক সি নিজৰ প্ৰাণতকৈও বেছি ভাল পায়। কিন্তু পদ্মিনীয়ে তাক চকু পাৰি দেখিব নোৱাৰে। এই একপক্ষীয় প্ৰেমেই যত অথন্তৰৰ মূল। সি তাইৰ মোহ এৰিব নোৱাৰি আজি বৰপুখুৰীৰ পাৰতে তাইৰ সৈতে শেষ বুজাপৰা কৰিবলৈ গৈ...
"তাৰ পাছত সি তাইৰ হাতত ধৰিবলৈ লওঁতেই তাই তাৰ গালত এটা কাণতলীয়া চৰ শোধাই দিলে। সি বলিয়া প্ৰেমিকটো হৈ একো কৰিব নোৱাৰিলে। বৰং বাঘে পোৱা গৰুৰ দৰে নেজ পেলাই দিছে। মই কথাটো হজম কৰিব নোৱাৰিলোঁ। সেয়ে..."
" নাই অ অজিৎ, তই কামটো ভাল কৰা নাই।" অমৰে ক'লে।
"কিয়? কিনো হ'ল?"
"সি দুয়োফালৰ পৰাই শাস্তি পালে! তই তাৰ কটা ঘাঁত কলাসাৰহে ঢালিলি!"
"হব দে, ভবিষ্যতলৈ তাৰ এটা ভাল শিক্ষা হ'ল।" মই ক'লোঁ।
"পিছে তহঁতৰো কাৰোবাৰ অভিসাৰত এইফালে আগমন নেকি?" অজিতে কথাৰ মূৰ আনফালে ঘূৰাবলৈ চেষ্টা কৰিলে।
"নাই, পাৰ্কলৈ যাওঁ বুলিহে এইফালে ওলাই আহিলোঁ। যাৱ নেকি ব'ল, প্ৰকৃতিৰ ৰূপ দেখিলে তোৰ প্ৰকৃতিও শান্ত হৈ যাব। বেলি বহুতো আছে, ব'ল!" কথাৰ লগে লগে অমৰ আগবাঢ়িল।
বেলিটোৱে তেতিয়া প্ৰকৃতিৰ বুকুত মিঠা ৰঙৰ সোণৰেণু ছটিয়াই দিছিল। সোণাৰু গছজোপাত বহি থকা ভাটৌ চৰাই এজোৰে 'কেঁ-কেঁ'-কৈ ৰৱ তুলি পশ্চিম দিগন্তলৈ উৰা মাৰিলে। গছৰ ডালটো লৰি উঠি কিছুমান সোণাৰু ফুল আমাৰ কেউকাষে সিঁচৰিত হৈ পৰিলহি। মনৰ আনন্দত অজিতে হিন্দী গানৰ কলি এটাকে গুণগুণাব ধৰিলে। আমি অলপ বেগাই খোজ দিলোঁ।
(তিনি)
"ৰঞ্জিত বৰুৱা কোন, চাওঁ ঠিয় হোৱাচোন।"
"মই চাৰ।"
"তোমাৰ ফিজবোৰ কিয় দিয়া নাই?"
"কিহৰ ফিজ, চাৰ?"
"কিহৰ ফিজ তাকো বুজাই ক'ব লাগিব নেকি? মাহিলী ফিজ। সোনকালে জমা দি দিবা, নহ'লে সকলো যাব!"
"মাহিলী ফিজ জমা দিলোঁ নহয়, চাৰ!"
"সেয়া যোৱা মাহৰহে জমা দিছিলা। এই এমাহৰ ফিজেৰে বাকীকেইটা মাহো চলাই নিব বিচাৰিছা নেকি?"
প্ৰফেছাৰৰ কথাৰ ধৰণ দেখি ছাত্ৰ-ছাত্ৰীসকলে গিৰ্জনি মাৰি হাঁহিলে। ৰঞ্জিত লাজত ৰঙা-চিঙা পৰিল। সি কোনোমতে খোনাই খোনাই ক'লে—
"চাৰ, অলপ অসুবিধা হ'ল...মানে...মানে, ঘৰৰ...।"
"কি মানে মানে কৰাহে? মই মানে-চানে একো বুজি নাপাওঁ। সেইবোৰ অফিচত জনাবাগৈ। তোমাৰ ঘৰত কি হৈছে নহৈছে, তাক জানি মোৰ কি লাভ হ'ব? পইছা দিব নোৱাৰা যদি কলেজত এডমিশ্যন কিয় লৈছিলা? চিধা কথা, ফিজ দিব নোৱাৰিলে কলেজ এৰিব লাগিব। এইখন দুখীয়াৰ কলেজ নহয়।" প্ৰফেছাৰজন গৰজি উঠিল।
প্ৰফেছাৰজনৰ এনে নিষ্ঠুৰ ব্যৱহাৰ দেখি অজিতৰ সহ্য নহ'ল। সি ঘপহকৈ ঠিয় হ'ল। ক্ৰোধ সম্বৰণ কৰি অতি ধৈৰ্যেৰে ক'লে—
"চাৰ, এমাহৰ ফিজৰ কাৰণে ইমানবোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত তাক এনেকৈ লজ্জিত কৰাটো মই উচিত হোৱা নাই বুলি ভাবোঁ।"
"তোমাৰ ভবাত কি আহে যায়হে! যিটো উচিত হয় সেইটোহে মই কৈছোঁ। ইমান চিম্পেথি যে দেখুৱাইছা, কিয় তেওঁৰ ফিজটো তুমিয়েই দি দিবা নেকি?"
তেখেতে ঠাট্টাৰ সুৰত প্ৰশ্ন কৰি পাছমুহূৰ্ততে আকৌ মাতটো যথাসাধ্য কোমল কৰি ক'লে," হয় দিয়া, ল'ৰাটোলৈ বেয়াও লাগে। কিন্তু কি কৰিবা, নীতি-নিয়মৰ কথা আছে। আইন আইনেই। তাক আমি উপেক্ষা কৰিব নোৱাৰোঁ। সেয়ে সময়ে সময়ে কঠোৰ হ'বলগা হয়।"
"সেইবুলি আইনে চাৰ, দুখীয়াক পঢ়িবলৈ তো নিষেধ কৰা নাই!"
প্ৰৱক্তাজনে চচমাৰ ওপৰেদি অজিতৰ ফালে ঘোপাকৈ চাই ক'লে, "ক'তা, নাইতো! তুমি ইমান উকিলৰ নিচিনা জেৰা কৰিবলৈ লৈছা কিয়? ৰিপৰ্ট্ কৰি দিম কিন্তু দেই!" শেষৰ ফালে সুৰটো অকণমান ধেমেলীয়া ধৰণৰ হ'ল।
তেখেতৰ কথাত অজিতৰ মন কোমল নহ'ল। সি উভতি ধৰিলে,"তেন্তে আপুনি অলপ আগতে কিয় কৈছিল এইখন দুখীয়াৰ কলেজ নহয় বুলি?"
অজিতে উত্তেজনাত কঁপিবলৈ ধৰিলে! প্ৰবক্তাজনেও তাৰ প্ৰশ্ন শুনি থতমত খালে! তথাপি সাহসত জোৰ দি তেখেতে ক'বলৈ ধৰিলে,"সংবিধান ৰক্ষাৰ বাবে ইয়াতকৈ আৰু ডাঙৰ কথাও ক'ব পাৰি। তোমাৰ প্ৰতিবাদ কৰাৰ কোনো থল নাই।" কথাষাৰ কৈ তেখেতে যেন অলপ স্বস্তি অনুভৱ কৰিলে।
অজিতো এৰি দিয়াৰ পাত্ৰ নহয়! সি পুনৰ প্ৰশ্ন কৰিলে,"চাৰ, সেইবুলি সংবিধানে এজন বিপদত পৰা মানুহৰ জীৱনটো ধ্বংস কৰি দিয়াটো কামনা কৰে নেকি?"
"অৱশ্যে কৰে—যদিহে তেওঁ দোষী হয়।"
"তেন্তে ৰঞ্জিতেনো কি দোষ কৰিলে?"
"কিনো বলকি আছোঁ ইমানপৰ? ফিজ দিয়া নাই, দেখা নাই?"
"ফিজ এমাহৰহে দিয়া নাই! পৰীক্ষাৰ আগলৈকে দিয়াৰ সময় থাকে দেখোন! আপুনি এমাহৰ ফিজ নাপায়েই কেনেকৈ ক'লে যে দুখীয়াৰ পঢ়াৰ কোনো প্ৰয়োজন নাই বুলি আৰু কলেজলৈ আহিবলৈও নিষেধ কৰিলে?"
"অ ক'লোঁ, তোমাৰ কি হ'ল?"
"মোৰ কি হ'ল, সেইটো আপুনি বুজি নাপাব! কিন্তু সি যে হতাশাগ্ৰস্ত হৈ নিজৰেই কিবা ক্ষতি কৰিব পাৰে— সেইটো বুজি পাব লাগিছিল!"
"ক্ষতি কৰিব পাৰে, মানে চুইচাইড্?" এতিয়াহে যেন প্ৰফেছাৰৰ হুচ ঘূৰি আহিছে। তেখেতে বোবা দৃষ্টিৰে মূৰৰ ওপৰত তীব্ৰ বেগেৰে ঘূৰি থকা ফেনখনলৈ চাই ৰল। লাজ আৰু অপমানত তেখেত কেহৰাজ যেন হৈ পৰিল। ক্লাছৰ বাকীখিনি সময়ত আৰু কাৰো সৈতে কথা নাপাতিলে। ঘন্টা পৰাৰ পাছত তেখেত কোব খোৱা সাপৰ দৰে শ্ৰেণীকক্ষ ত্যাগ কৰিলে।
হলৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰসংশাৰ দৃষ্টিৰে অজিতৰ ফালে চাবলৈ ধৰিলে। অজিতে চালে ৰঞ্জিতৰ ফালে। ৰঞ্জিতৰ চকুযোৰ তেতিয়া সজল হৈ উঠিছিল!
(চাৰি)
"সেইখন কি অ, টেলিগ্ৰাম নেকি?"
"মোৰ কথা তাৰ কাণত নোসোমাল, বোধকৰোঁ! সি সেইখনকে তন্ময় হৈ চাই আছে। মোৰ অলপ সন্দেহ হ'ল, আকৌ মাত দিলোঁ। নাই, মোৰ অস্তিত্বৰ প্ৰতি তাৰ কোনো কাণসাৰেই নাই। কি হৈছে বাৰু তাৰ! মই তাৰ একেবাৰে কাষলৈ গৈ টেলিগ্ৰামখনতনো কি আছে চাবলৈ চেষ্টা কৰিলোঁ। কিন্তু এয়া কি? অজিতে দেখোন কান্দিছে! তাৰ চকুৰ পানীয়ে গোটেই টেলিগ্ৰামখন তিয়াই পেলাইছে!
মই ততালিকে তাৰ হাতৰ পৰা সেইখন থপিয়াই আনি পঢ়িবলৈ ধৰিলোঁ। তাত লিখা আছিল,"ফাডাৰ এক্সপায়াৰ্ড্, কাম চুন।" পঢ়ি উঠি ময়ো চকুৰে ধোঁৱা-কোঁৱা দেখিবলৈ ধৰিলোঁ! পিতৃ-বিয়োগ! উঃ! বেচেৰাই মনত কম আঘাত পাইছেনে? তাৰ অত দিনৰ ভৰসাৰ স্থল, নিয়তিয়ে এক মুহূৰ্ততে উঠাই লৈ গ'ল!
তেনেতে অমৰ সোমাই আহিল।
"কি হ'ল অ আহমেদ? দুয়োটা দেখোন জথৰ লাগি বহি আছ! ৱট'চ্ দ্য মেটাৰ? কোনোবাই আকৌ ক'ৰবাত চৰ-তৰ খাই আহিলি নেকি?
এয়া ধেমালিৰ সময় নহয়! মই টেলিগ্ৰামখন তাৰ ফালে আগবঢ়াই দিলোঁ। পঢ়ি উঠি সি শিল পৰা কপৌৰ দৰে হ'ল! তাৰো চকু মুহূৰ্ততে চলচলীয়া হৈ পৰিল।
ইফালে অজিতে হুকহুকাই কান্দিবলৈ ধৰিলে। পিতৃ-বিয়োগ হৈছে, কান্দিবই। আমিও শোক পাতল হওক বুলি তাক কান্দিবলৈ এৰি দিলোঁ। তাৰ কান্দোনত গোটেই পৰিৱেশটো গহীন হৈ পৰিল।
কিছু সময় যোৱাৰ পাছত সি নিজে নিজে আগৰ অৱস্থালৈ ঘূৰি আহিল। অমৰে তাৰ ওচৰ চাপি শান্তনা দিয়াৰ সুৰত ক'লে—
"উঠ অজিৎ, যোৱা জন গ'ল আৰু!এনেকৈ ভাগি পৰিলে নহ'ব। জীৱনটোৱেই এনেকুৱা। এদিন আগ, এদিন পাছ সকলোৱে এদিন এই নৰধাম ত্যাগ কৰিব লাগিব। এতিয়া তোৰ কৰ্তব্য স্থিৰ কৰ। মনলৈ বল আন।"
এইবুলি সি বেজাৰ মনেৰে তাক হাতত ধৰি তুলি দিলে।
অজিতে প্ৰকৃতিস্থ হৈ ক'লে,"দেউতাক হেৰুৱাই দুখ লাগিছে সঁচা, কিন্তু তাতোধিক দুখ পাইছোঁ তহঁতক এৰি যাবলৈ!"
"এৰি যাবি মানে?" মই আচৰিত হৈ তাক সুধিলোঁ।
"মানে এতিয়া আৰু ঘৰ চলাওঁতা কোনো নাই। দেউতাই আছিল ঘৰৰ সকলো। এতিয়া সকলো দায়িত্ব মোৰ ওপৰতেই পৰিলহি। গতিকে ইমানতে মোৰ ছাত্ৰ জীৱনৰ ওৰ পৰিল। এই সুখ আৰু মই কেতিয়াও ঘূৰাই নাপাওঁ।" সি উদাস হৈ পৰিল!
তাৰ কথাষাৰে মোৰ অন্তৰত বৰকৈ খুন্দিয়াবলৈ ধৰিলে! তাৰ উপস্থিতিয়ে আমাৰ মেচটো ইমান দিনে সজীৱ কৰি ৰাখিছিল। সি যোৱাৰ লগে লগে সেই সকলো ম্লান হৈ পৰিব! ছাত্ৰ সমাজ, শিক্ষক সমাজৰ মাজতো তাৰ জনপ্ৰিয়তা আছে। সিদিনাখন এজন প্ৰৱক্তাইও তাৰ প্ৰশংসা কৰি কৈছে,"এনে ল'ৰাই আমাৰ সমাজত প্ৰয়োজন।"
"তেতিয়া হ'লে তই একেবাৰে যাবিগৈ?" অমৰে ব্যাকুল হৈ সুধিলে।
"তাকেইতো ক'লোঁ।"
"ঘৰত জানো তোৰ কোনো ভাই-ককাই নাই?"
"এজন অৱশ্যে আছে, কিন্তু বৰ হোজা! সাংসাৰিক কাম-কাজৰ বাবে বেছি সুবিধাজনক নহয়। ক'ত কি কৰি পেলায়, কোনো ঠিক নাই। আনফালে মাও গাঁৱলীয়া মানুহ। সংসাৰৰ একো আওভাও নুবুজে। গতিকে ঘৰৰ সকলো দায়িত্ব ময়েই ল'ব লাগিব। তহঁতে বেজাৰ নকৰিবি। মোক একেবাৰে পাহৰিও নাযাবি। মই আঁতৰি গ'লেও তহঁত মোৰ বুকুৰ মাজতে থাকিবি।"
এইবুলি কৈ সি বাহিৰৰ শূণ্য আকাশখনৰ ফালে উদাস দৃষ্টিৰে চালে। আমাক এৰি যোৱাৰ বেদনাত তাৰ অন্তৰে হয়তো নীৰৱে চকুলো টুকিছে। তাৰ পাছত সি আমাৰ ফালে এবাৰ কৰুণ দৃষ্টিৰে চাই উঠি নিজৰ বস্তু-বাহানি থান-থিত কৰাত লাগিল। আমিও তাক সহায় কৰিবলৈ ধৰিলোঁ। সোনকালে ঘৰ পাবগৈ লাগিব।
ৰঞ্জিত সজল নয়নেৰে সোমাই আহিল। হয়তো বাহিৰতে সি সকলো শুনি আহিছে। অজিতৰ প্ৰতি তাৰ অগাধ শ্ৰদ্ধা। পদ্মিনী এফায়াৰৰ পাছৰ পৰাই সিহঁত দুয়োটাৰ মাজৰ দূৰত্ব আচৰিত ভাৱে কমি আহিছিল। কলেজৰ পিছৰ প্ৰসংগ লৈ দুয়োটা আপোন ভাই-ককাইৰ দৰে হৈ পৰিল। অজিতে সেইদিনাই তাৰ মাহেকীয়া ফিজ জমা দি প্ৰফেছাৰজনৰ ঠাট্টাৰ উত্তৰ দি থৈছিল।
সেইদিনাই আবেলি অজিতে ৰঞ্জিতক ওচৰলৈ মাতি আনি কৈছিল,"ৰঞ্জিত, বিপদে-আপদে তই মোৰ কথা ভাবিবি। কিবা প্ৰয়োজন হ'লে মোক খোলা-খুলিকৈ কৈ দিবি। লাজ কৰিলে কিন্তু নিজেই মৰিবি। সেইদিনাখন তোৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ কাৰণে বেয়া নাপাবি। তোৰ দৰে মোৰো এটা ভাই আছিল। তোৰ ভালৰ বাবেই তেনে কৰিবলগীয়া হৈছিল!"
সেয়েহে আজি ৰঞ্জিতৰ মন ভাতৃ বিৰহত উথলি উঠিছে। অজিতে তাক বাৰংবাৰ প্ৰবোধ দিয়া সত্বেও সি ফেকুৰি ফেকুৰি কান্দিছে।
এই দৃশ্য দেখি মোৰ চকু দুটা সেমেকি উঠিল। তাত আৰু থিৰেৰে থাকিব নোৱাৰি বাহিৰলৈ ওলাই আহিলোঁ। ভাবিলোঁ—পৃথিবীখন ইমান নিষ্ঠুৰ, প্ৰকৃতি ইমান কঠোৰ, নিয়তি ইমান হৃদয়হীন যে সহজ সৰল মানুহৰ মনত দুখ দি বৰ আমোদ পায়।
"আহমেদ!"
মই ঘূৰি চালোঁ, অজিত ঠিয় হৈ আছে, হাতত তাৰ যাৱতীয় বস্তুৰ টোপোলা। কাষতে চলচলীয়া চকুৰে অমৰ আৰু ৰঞ্জিত ৰৈ আছে। মই আৰু চকুৰ পানীক ৰোধ কৰি ৰাখিব নোৱাৰিলোঁ। মুখখন পিছফালে ঘূৰাই হাতেৰে চকুৰ পানী মচিবলৈ যত্ন কৰিলোঁ!
"তইও কান্দিছ! কান্দ, আজি সকলোৱে কান্দ! কিমান কান্দিব পাৰ কান্দ, আজি মই প্ৰাণ ভৰি চাওঁ—
কান্দিছে জনম ভূমি কান্দা কবি
— তুমিও কবিতা;
কান্দ আজি পশু-পক্ষী
স্বদেশৰ প্ৰিয় গছ-লতা!"
মই আৰু অন্তৰৰ আবেগ ৰুদ্ধ কৰি ৰাখিব নোৱাৰিলোঁ— সশব্দে বুকু ফালি উতলি থকা উচুপনিবোৰ ওলাই আহিল! আবেগত অজিতক সাৱতি ধৰিলোঁ! বিয়া-ঘৰত মাকে জীয়েকক বিদায় দিয়াৰ সময়ত যেনেকৈ যৌতুকৰ অংশ হিচাপে কন্দোৱাই দিয়ে, ময়ো অজিতক সাৱতি ধৰাত সি হুকহুকাই কান্দি দিলে।
কিমান সময় তেনেকৈ পাৰ হ'ল ক'ব নোৱাৰোঁ। হঠাৎ অজিতে তাৰ গাৰ পৰা মোৰ হাত দুখন জোৰেৰে এৰুৱাই দি ৰাস্তালৈ দৌৰ মাৰিলে। তেনে সময়তে গাড়ী এখন আহি তাৰ কাষত ৰলহি। তৎক্ষণাৎ সি গাড়ীত উঠি খিৰিকীৰে হাত উলিয়াই জোঁকাৰি দিলে। আমি কেৱল পুতলাৰ দৰে ৰ লাগি চাই থাকিলোঁ। গাড়ীখনেও সেই মুহূৰ্ততে এমোকোৰা ধোঁৱা এৰি দৌৰিবলৈ ধৰিলে। এসময়ত সিও আমাৰ চকুৰ আঁৰ হৈ পৰিল। কিন্তু সকলোৰে স্থিৰ দৃষ্টি সেইফালেই নিবন্ধ হৈ থাকিল।
অস্তমান সূৰ্যই তেতিয়া পশ্চিম দিগন্তত বিদায় ল'ব ধৰিছে— পুঞ্জিভূত বেদনাৰ ৰাঙলী ৰহণ ছটিয়াই। এটি কেতেকী চৰাইয়ে হিয়াভগা মাতেৰে আমাৰ মূৰৰ ওপৰেদি উৰি গ'ল। মছজিদত মোৱাজ্জিনৰ সুললিত আজানৰ সুৰে আমাৰ তন্ময়তা ভংগ কৰিলে।

No comments:
Post a Comment