দুটা নীলা শিয়ালৰ গল্প
কল্পনা পেগু
এখন হাবিত দুটা শিয়াল আছিল। এটা শিয়াল আছিল প্ৰজাই পাতি দিয়া ৰজা আৰু আনটো শিয়াল আছিল ৰজাই নিজে পাতি লোৱা মিতিৰ মানে নলে-গলে লগা বন্ধু।
দেশৰ পশুগণৰ মাজত মাজত শিয়াল বুদ্ধিদ্বীপ্ত, তীখৰ বুলি জগত বিখ্যাত। সাগৰসম ধূৰ্ত ৰজাক সন্তুষ্ট কৰিবলৈকে প্ৰজাগণৰ মাজত ভৃত্য সকলে পাকে-প্ৰকাৰে চেষ্টাত ত্ৰুটি নকৰে। ভৃত্যসকলৰ মাজত প্ৰতিযোগীতা চলে ৰজাক তোষামোদ কৰি হ'লেও নিজৰ স্থিতি মজবুট কৰাৰ। তাৰে সুযোগ লৈ শিয়াল ৰজাই প্ৰতি দিনে প্ৰতি সাঁজত নানা তৰহৰ সুস্বাদু আহাৰ গ্ৰহন কৰিবলৈ কৃপণালি নকৰে। দিনে দিনে শিয়াল ৰজাৰ জিভাই নতুন নতুন খাদ্যৰ স্বাদ ল'বলৈ লিকলিকাই থকা হ’ল। খাদ্যৰ তালিকাত থলুৱা খাদ্যৰ উপৰিও দেশী-বিদেশী খাদ্য সম্ভাৰৰ তালিকা ক্ৰমে বাঢ়ি গৈ থাকিল ।শিয়াল ৰজাৰ ৰাণীও কম খকুৱা নহয়। শুনামতে খাদ্য সম্ভাৰৰ তালিকা চাই শিয়ালনীৰহে ভোক বেছি।
এদিন শিয়াল ৰজাৰ বৰ ঘৰৰ চ’ৰাত ভোগ-বিলাসৰ আলাপত দুই বন্ধুৰ কথা পকিল। শিয়াল ৰজাই বন্ধুক ক’লে - মোৰ ঘৰ মানেই তোমাৰ ঘৰ; তোমাৰ মাছ খোৱা পুখুৰী মানেই মোৰেই পুখুৰী। গতিকে আমাৰ মাজত সামাজিক বান্ধোন এটা থাকিলে কেনে হয় ? ৰজাৰ কথা শুনি শিয়াল বন্ধুৱে একো বুজিব নোৱাৰি ক’লে খুলি কোৱাচোন বন্ধু মই একো বুজিব পৰা নাই। বিদেশী পানীয়ত আলফুলকৈ চুমুক এটা মাৰি শিয়াল ৰজাই ক’লে - কিয় তোমাৰ জানো শিয়ালি পোৱালী দুজনী নাই! তোমাৰ এজনীৰ লগত মোৰ শিয়াল পোৱালীটোৰ যোৰা লগালেই দেখোন একেটা চৰুতে চাউল সিজিব। দিনক দিনে আমাৰ পোৱালীটো অবাধ্য হৈ আহিছে তাক নাকী লগাব লাগিব। ৰজাৰ কথা শুনি শিয়াল ৰজাৰ ছাঁত থাকি মহা চতুৰ হৈ পৰা শিয়াল বন্ধুক আৰু কোনে পায়! তেওঁটো এই সুবিধাকে বিচাৰি আছিল। বিদেশী পানীয়ৰ সোৱাদত দোঁৰোল খাই পৰা জিভাই আনন্দত ক’ব নোৱাৰা হৈ বন্ধু শিয়াল ৰজাক সাৱতি ধৰিলে। দুই বন্ধুৰ মাজত চুক্তি হ’ল এই কথা যেন প্ৰজাগণে ঘূণাক্ষৰেও গম নাপায়, নহ’লে কথা বিষম হ’ব ।
এনেকৈয়ে দুয়োখন ঘৰ একেখন হ’ল। ৰজাৰ ভৃত্যগণেও কথাটো তলকিব নোৱাৰা হ’ল। কিবা এটা অনুমান কৰি ভৃত্যগণেও শিয়াল ৰজাক সন্তুষ্ট কৰিবলৈকে শিয়াল বন্ধুক ভাল নাপালেও দেখাই সমীহ কৰা হ’ল। এই সুযোগ শিয়াল বন্ধুৱে ভালকৈয়ে গ্ৰহন কৰিলে।
দুয়ো ঘৰৰ সম্পৰ্ক মজবুট কৰাৰ উদ্দেশ্যৰ কথা জানিব পাৰি আগৰে পৰা অন্য সংগীৰ নিশ্বাসৰ ঘ্ৰাণ পাহৰিব নোৱাৰা শিয়াল পোৱালী হালৰ কথাটো মানি ল’বলৈ অলপ সময় লাগিল। তাৰ বাবে ৰজাই প্ৰজাৰপৰা আকুঁহি অনা বহু মূল্যবান উপহাৰেৰে উপচায় দিব লগা হ’ল। দুয়ো এতিয়া একেটিয়েই উশাহ ,একেটি নলীৰেই যেন পেটলৈ আহাৰ যায়।
ইফালে শিয়াল ৰজাৰ ছাঁত থাকি শিয়াল বন্ধুও তজবজীয়া হ’ল। এদিন শিয়াল বন্ধুৰ হৰিণাৰ মঙহ খাবলৈ বৰ মন গ'ল ।বাকী খাদ্য সম্ভাৰে কোনোপধ্যেই তাৰ পেট নভৰা হ'ল। কথাটো শিয়াল ৰজাক ক'লে। ৰজাই বন্ধুৰ কথা শুনি চমকি উঠিল ।আৰে মই অতদিনে ভাৱি থকা কথাটোকে ক'লা বন্ধু।মই বহু দিনৰপৰা চল চায়েই আছোঁ ।কিন্তু সাৱধান বন্ধু এই অৰণ্যৰ বাহিৰতহে কৰিব লাগিব কামটো নহ'লে প্ৰজাগণে মোক শুদাই নেৰিব ।
হৰিণা সকলোৰে প্ৰিয় ।হৰিণা দেখাত যেনেকৈ ধুনীয়া তাৰ মঙহো সিমানে সুস্বাদু আৰু সুগন্ধযুক্ত।তেতিয়া শিয়াল বন্ধুৱে ক'লে - সেই ব্যৱস্থা মই আগতেই কৰি থৈছো বন্ধু। হৰিণাৰ আশে-পাশে বিচৰণ কৰি থকা আমাৰ বঙহৰ দেওসকল আছেই নহয় ! তেওঁলোকেই আমাক সহায় কৰিব আৰু তুমি আমাৰ মুধচ হৈ আছাই নহয় ।
কথামতেই এদিন শিয়াল বন্ধুৱে চল-চাতুৰিৰে হৰিণাক সাগৰৰ পাৰলৈ লৈ গ'ল আৰু সাগৰ সাতোঁৰাৰ বাজী লগালে ।সাতুঁৰিব নোৱাৰি আলফুলীয়া হৰিণাটোৱে মাজ বাটতে ফোঁপাবলৈ ধৰিলে ।সুযোগ বুজি ৰজাৰ শিয়াল বন্ধুৱে সাংগো-পাংগো সকলৰ লগ হৈ হৰিণাক সাগৰৰ লুণীয়া পানীত জুবুৰীয়াই জুবুৰীয়াই মাৰি উদৰ পূৰালে আৰু ৰজালৈও এভাগ মনে মনে মাংসৰ টোপোলা বান্ধিলে।
হ'লে কি হ'ব ধূৰ্ত দুই শিয়াল বন্ধুৱে নিজকে মহা শক্তিমান বুলি জাহিৰ কৰাৰ সময়তে লাগিল নহয় লেঠাটো ।এনেই বিজ্ঞজনে নকয় বোলে "ভৱা কথা নহয় সিদ্ধি বাটত আছে কনা বিধি ।"এজাগ সাগৰীয় ধুমুহাই তচনচ কৰি পেলালে দুয়োৰে সপোনৰ ঘৰ ।
হৰিণা প্ৰজাগণৰ নয়নৰ মণি, হিয়াৰ আমঠু। হৰিণাই উজুতি খালেও সকলোৱে মনত কষ্ট পায় ।তেনেস্থলত অবিশ্বাস্যভাৱে সাগৰৰ লুণীয়া পানীত উশাহ নাপায় হৰিণাৰ মৃত্যু হোৱা খবৰটোৱে সকলোকে স্তব্ধ কৰিলে ।অৰণ্যৰ সকলো প্ৰাণীৰ লগতে গছৰ পাত খিলাও কান্দোনত ভাগি পৰিল ।সকলোৱে ৰজাৰ ফালে আঙুলি টোৱালে।আটাইতকৈ ভয়াতুৰ প্ৰাণী শহায়ো ৰজাক মুৰ দাঙি কথা ক'বলৈ ল'লে । কথা বিষম দেখি ৰজাৰ বন্ধুক সকলো সময়তে সহায়- সহযোগীতা আগবঢ়ায় যোৱা বজ্জাত কাউৰীয়ে সংগীসকলক বিশ্বাসঘাটক কৰি নিজৰ নিৰ্দোষিতাৰ প্ৰমাণ দিবলৈকে বিভিন্ন কথাৰ জাল তৰিলে।জালখন জোটপোট খোৱাত প্ৰজাগণৰ ৰোষত পৰাৰ ভয়ত ৰজাই শিয়াল বন্ধুৰ লগতে সাংগো-পাংগো সকলোকে পিঞ্জৰাবদ্ধ কৰিলে ।নহ'লে তাৰ বন্ধুক প্ৰজাই কাটি টুকুৰা -টুকুৰ কৰি পেলাব ।ঘামি-জামি ৰজাৰ গা দেহৰ ভিতৰলৈকে জ্বলিলে ।
অৱশেষত ৰজাই উপায় বিহীন হৈ বিশেষ তৎপৰতাৰে ৰজালৈ অনা টোপোলা ভাগ ৰাজকীয় মৰ্যাদাৰে নিৰ্দিষ্ট স্থানত দাহ কৰিবলৈ বাধ্য হ'ল ।চতুৰ শিয়াল ৰজাই ভাৱিছিল - প্ৰজাৰ কলিজাবোৰো চিতাৰ জুইত সেকি সেকি শুকুৱাব আৰু তেনেকৈয়ে নুমাই যাব এদিন ।কিন্তু চিতাৰ জুইত নুমুৱাওক চাৰী প্ৰজাৰ চকুৰ পানীয়ে বেচিকৈয়ে নদীলৈ সাগৰ বিচাৰি বৈ থাকিল অহৰহ।
ইফালে পিতৃ পিঞ্জৰাবদ্ধ হোৱাত ৰজাৰ হ'ব লগা পুত্ৰবধূৰ আমৰণ- অনশণ।ৰজাৰ পুত্ৰ খঙত অগ্নিশৰ্মা হৈ ৰাজপ্ৰসাদত তাণ্ডৱ চলালে । কোনোমতে ৰজাৰ পুত্ৰ পোন বাট লৈছিল হে মাত্ৰ । শিয়াল ৰজা - ৰাণীলৈ শিয়াল পুত্ৰৰ হুংকাৰ, যদিহে শহুৰ দেউতাকক উদ্ধাৰ কৰিব নোৱাৰে তেওঁৰ পুত্ৰ আকৌ অবাটে যাব ।
প্ৰজাগণেও অৰণ্যে অৰণ্যে হুংকাৰ দিলে ৰজাক। তোমাৰ শিয়াল বন্ধুক বচাবলৈ চেষ্টা নকৰিবা নহ'লে তুমিও বাচি নাথাকিবা ।২৬ নম্বৰৰ দেৱালখন হেঙাৰ হ'লে তুমি সিংহাসনচ্যুত হ'বা মনত ৰাখিবা ।
শিয়াল ৰজাৰ আজিকালি টোপনি নহা হৈছে।প্ৰেচাৰৰ টেবলেট, চুগাৰৰ টেবলেটৰ লগত পানী খাই খাই ৰাতি পুৱাইছে । শিয়াল ৰজাৰ অৱস্থা দেখি সুন্দৰী শিয়ালনীয়ে মুৰে কপাৰে হাত বুলাই শান্ত কৰিবৰ চেষ্টা কৰিছে, কিন্তুপৰা নাই ।ৰজাই দোকমোকালিতে উঠি ঘৰৰখীয়া কুকুৰটোকে একগোৰ দিছে।কৰবাত প্ৰজাৰ সমাগম দেখিলেই প্ৰলাপ বকিছে ।সময়ৰ প্ৰহৰে প্ৰহৰে কথাবোৰ সলনি হৈ গৈ আছে আৰু এপদ এপদকৈ শিয়াল ৰজাৰ আৱৰণ বোৰ খোল খাই গৈ আছে ।লাহে লাহে শিয়াল ৰজাৰ নাঙঠ ৰূপটো সকলোৰে আগত জলজল পটপটকৈ জিলিকি উঠিছে। অৰণ্যখনৰ আটাইতকৈ কৰ্মযোগী খ্যাত পৰুৱায়ো আজি ৰজাৰ নাঙঠ ৰূপটো চাবলৈ কাম-বন এৰি চকু মেলি মেলি চাই আছে।

No comments:
Post a Comment