পূজাৰ বিশেষ উপহাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, September 30, 2026

পূজাৰ বিশেষ উপহাৰ

 

পূজাৰ বিশেষ উপহাৰ


অঞ্জলী বৰদলৈ

গোলাঘাট


“বাহ ! আজি দেখোন ৰাজকীয় খাদ্য উলিয়ালা, কি মন গ’ল ? কিন্তু খুব সোৱাদ লগা হৈছে, স্বীকাৰ কৰিব লাগিব।” ৰাতি ভাতৰ পাতত বহি ভাৰ্গৱে পত্নী জাহ্নৱীক ক'লে । 

   " এনেই মন গ'ল আৰু , ৰান্ধিলোঁ । " জাহ্নৱীয়ে  ক'লে ।" আজি কি বাৰু কোৱাচোন ! কি তাৰিখ ?"

    " ২২ অক্টোবৰ । কিয় ?"

    " আজিৰ দিনটোত কি হৈছিল কোৱাচোন! "

     " জানো পায় , পাহৰিলোঁ। কি কৈ আছা?  "

 " সদায় পাহৰা ন আজিৰ দিনটো ! আজি সোনকালে আহিবা বুলি ভাবিছিলোঁ। নাই আজিও নাহিলা। একো কথা মনত নাথাকে ন? "

   " মই পাহৰিলোঁ তুমিয়ে কৈ দিয়া। " সেইবুলি মুখ টিপি টিপি ভাৰ্গৱে হাঁহিলে। 

 খংটো সামৰি জাহ্নৱীয়ে ক'লে ....." কিমান সোনকালে যে বছৰে বাগৰ সলায়.. সুখে - দুখে সাতটা বসন্ত অতিক্ৰম কৰিলোঁ। চকুৰ আগতে আমাৰ ঠাইকণৰো যে কিমান পৰিবৰ্তন হ'ল , নহয়নে ? পৰিৱৰ্তন নহ'ল  মাথোঁ আমাৰহে ।" 

    ভাৰ্গৱে ক'লে , " পাহৰা নাই অ' মই ।  মোৰ অফিচ বেগটোত চোৱা , তোমালৈ  ধুনীয়া  চাদৰ - মেখেলা এযোৰ আনিছোঁ । তোমাৰ পছন্দ হ'ব লাগে। আৰু... এটা ভাল খবৰ আছে ..' প্ৰেৰণা'ৰ কৰ্তৃপক্ষই আমি কোৱা কণমানিজনী দিবলৈ ৰাজী হৈছে ।" 

    ' সঁচানে ? ভগৱানে মোৰ কথা শুনিলে দেই । কাইলৈৰ পৰা মোৰ কোলাও এটি দেৱশিশুৱে শুৱনি কৰিব। ইয়াতকৈ মোক আৰু কি লাগে! এইটো মোৰ পূজাৰ ডাঙৰ উপহাৰ ।.. এইবুলি জাহ্নৱীয়ে ভাৰ্গৱৰ অফিচ-বেগটোৰ ফালে নগৈ আলমাৰিটো খুলি তাই  গুঠি থোৱা চুৱেটাৰ- টুপী- মোজাৰ টোপোলাটো সাৱটি ধৰিলে।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages