সুখ দুখ
সংগীতা টাইদ
সুখ দুখৰ কিনো অন্ত আছে
সুখ- দুখ হাঁহি -কান্দোন
প্ৰাপ্তি-অপ্ৰাপ্তি প্ৰেম-ঘৃণা
জয় পৰাজয়কেই
জিৱন বুলিছো
সুখ সুখ বুলি আমি বলিয়া
কিমান পালে আমি সুখী
জুখিব জানো পাৰোঁ
তথাপিও আমি বলিয়া
ৰাতিৰ পাছতেই
পুৱা অহাৰ দৰেই
সুখৰ পাছতেই দুখ আহে
দুখৰ পাছতেই সুখ আহে
ঠিক সুৰুখ যেন আমাৰ জিৱন
কিমান আশা থাকিলে হাজাৰ
নিৰাশাৰ মাজতো আশাৰ
পোহৰ বিচৰি বিচাৰি
আমি আগুৱাওঁ
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬

No comments:
Post a Comment