সুবাস শৰতৰ
সুমন দুৱৰা গগৈ
ডিব্ৰুগড়
শৰৎ তুমি বৰ প্ৰিয়
ৰিব ৰিব বতাহে
কঢ়িয়াই আনিলে
সুবাস তোমাৰ,
তোমাৰ সুবাসে বুটলি আনিলে
শেৱালি ফুলৰ সুগোন্ধ।
নিশাৰ জোনাকত
শেৱালিৰ যমকে
মোহিত কৰে
ৰজনীৰ গভীৰতাক,
আৰু মোক মতলীয়া
কৰে তোমাৰে সুবাসত।
তুমি মোৰ প্ৰিয়
বুলি নোকোৱাকৈ থাকো কেনেকৈ
আহিনৰ পথাৰৰ
সোণোৱালী সোণগুটিৰ সুবাসে
ৰচে খেতিয়কৰ মনত অলেখ সপোন।
পুৱাৰ নিয়ৰৰ কোলাত তল সৰি পৰি ৰোৱা
সতেজ শেৱালিৰ
মালা গাঁঠি
মৰমেৰে দুহাতে আকোঁৱালি আজলি
ভৰাই আনিলো
প্ৰিয়তমাৰ নেঘেৰী
খোপাতে গুজিবলৈ।
শৰৎৰ সুবাসে দিয়ে বতৰা
শাৰদীয় মা আগমনৰ
সকলোৱে মনত কৰে জাগ্ৰত
ভক্তি আৰাধনাৰ প্ৰশান্তি,
অতীতৰ ৰোমন্থন
প্ৰেমৰ মন্থন
আৰাধনাৰ উত্থান
সকলোবোৰ তোমাৰ কোলাতে আবৰ্তন।
তুমি মোৰ বৰ প্ৰিয়
নোকোৱাকৈ থাকো কেনেকৈ?
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬

No comments:
Post a Comment