শৰত
বিজিত মহন্ত
বামকুকুৰাছোৱা, যোৰহাট
শৰতৰ মেঘসৰা ফৰকাল
আকাশখনে
যেতিয়া উৰুঙা কৰি যায় মনবোৰ,
নিশাৰ শেৱালিৰ আমোল মোল সুবাসে
আজিও জগাই যায়নে তোমাৰ মনৰ কুঠৰী?
আৰু বেদনা সিক্ত
পুৱাটিত অশ্ৰু হৈ
জিলিকা নিয়ৰত,
মিঠা মিঠা লগা বেদনা বোৰ যেতিয়া সাৰ পায়,
মোলৈ মনত পৰেনে তোমাৰ?
ৰিঙা ৰিঙা লগা সুৰ বোৰ জগাই
আজিও আহেনে শৰতৰ আবেলি?
মনত পৰেনে সেই অভিমানী
আবেলি বোৰে
স্নিগ্ধ জোনাকৰে ধেমালি।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:
Post a Comment