মা দুৰ্গা, তুমি আকৌ আহা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, September 30, 2026

মা দুৰ্গা, তুমি আকৌ আহা

 

মা দুৰ্গা, তুমি আকৌ আহা 


                                             শিখা  তামূলী  

                                              ছয়মাইল-২২


দুৰ্গা মা তুমি আহা আকৌ,

মহিষাসুৰৰ সংহাৰ হওঁক,

অসুৰৰ মুখা পিন্ধা দুৰ্নীতিৰ

শিপাডাল উভালি যাওঁক।

অন্যায়ৰ ৰাজদণ্ড ভাঙি

ন্যায়ৰ জয়ধ্বনি বাজক,

ক্ষমতাৰ আঁৰত লুকাই থকা

ছদ্মবেশী অসুৰৰ পতন হওঁক।

আজি সমাজত অৰাজকতা,

সত্যৰ কণ্ঠত শিকলি,

ন্যায় বিচাৰি ফুৰাজনেই আজি

বিচাৰৰ কাঠগড়াত অপৰাধী।

মা, এইবাৰ অস্ত্ৰ তুলি লোৱা,

অসুৰৰ ৰূপ সলনি হৈছে,

মানুহৰ মুখা পিন্ধি দুৰ্নীতিয়ে

ন্যায়ৰ সিংহাসন দখল কৰিছে।

আহা মা, আকৌ এবাৰ,

অন্যায়ৰ বুকুত বজ্ৰ হৈ নামা,

ক্ষমতাৰ দম্ভত অন্ধ অসুৰৰ

অহংকাৰ প্ৰসাদৰ বলি  হিচাপে লোৱা ।

এইবাৰ কেৱল মহিষাসুৰ নহয়,

দুৰ্নীতিৰো সংহাৰ হওঁক,

অন্যায়ৰ বুকু ফালি

মানৱতাৰ পুনৰ প্ৰতিষ্ঠা হওঁক।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages