আকাংক্ষাৰ কাঞ্চনঞ্জংঘা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, September 30, 2026

আকাংক্ষাৰ কাঞ্চনঞ্জংঘা

 

আকাংক্ষাৰ কাঞ্চনঞ্জংঘা


                                   ভৃগুজ্যোতি শইকীয়া

                                ধলাইবিল, শোণিতপুৰ


ময়েই হিমালয় ময়েই কাঞ্চনঞ্জংঘা 

আহাঁ মোৰ বুকুত খোদিত কৰা 

তোমাৰ প্ৰেমৰ হাজাৰযুগীয়া শব্দৰ ৰেখা।

সীমাহিন বিশালতাক আঁকোৱালি ল'ব পৰা

এখন মুক্ত হৃদয় মই প্ৰস্তুত কৰি থৈছোঁ

তোমাৰ বাবেই।

মোৰ হৃদয়খন কিন্তু সেউজীয়া

তাত ৰুক্ষতাৰ স্থান নাই।

আছে মাথোঁ সেমেকা শীতল এক জীপাল অনুৰাগৰ আৱৰণ ।

মোৰ বিশ্বাস 

তুমি এই জীপালতাৰ আৱেগত

উন্মেষ হ’বলগীয়া মোৰ কবিতাৰ এদিন প্ৰেৰণা হ’বা।

প্ৰেমাস্পদৰ অনুভূতিয়ে যেতিয়া আশাৰ সীমনা ভেদি যাব,

তেতিয়া মোৰ অস্থিৰ আবেগৰ তুমি ঠিকনা হৈ ৰ’বা।

সেই ঠিকনাতেই সেইদিনা থিতাপি ল’ব 

পৰানৰ শুকুলা মেঘে আৱৰা 

দুটি প্ৰেমিক পক্ষীৰ শব্দহীন কামনাৰ অভিৰুচিয়ে।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages