মই প্ৰণৱ দলেয়ে কৈছোঁ
কণমইনা দাস
বেলগুৰি যোৰহাট
মই প্ৰণৱ দলেয়ে কৈছোঁ
মই অসমৰ মই ভাৰতৰ মই উত্তৰ-পূৰ্বাঞ্চলৰ
মই খাটিখোৱা মেহনতী জনতাৰ সন্তান
মই নৈপৰীয়া সহজ-সৰল কৃষকৰ সন্তান
ব্ৰহ্মপুত্ৰ বৰাকৰ মই অসমীয়া মই ভাৰতীয়
মই প্ৰণৱ দলেয়ে কৈছোঁ
কাজিৰঙা আমাৰ
কাজিৰঙাত থকা গঁড় আমাৰ মাটি আমাৰ ,ইয়াৰ বায়ু পানী গছ-লতিকা আমাৰ
কাজিৰঙাত থকা প্ৰতিটো চৰাইৰ মাত, পশু-পক্ষীৰ মাত আমাৰ
মই ভূমিপুত্ৰৰ হৈ চিঞৰিছো
মই আই অসমীৰ হৈ চিঞৰিছো
মই উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বাবে চিঞৰিছো
মই ২০০৭ৰ ফৰেষ্ট এক্টৰ অধীনত থকা খাটিখোৱা মেহনতী জনতাৰ ভূমিৰ বাবে মাতিছোঁ
২৫বছৰ কি শ বছৰ ৰখীয়া মোৰ ভাই-ভনীহঁতৰ বাবে মাত দিছোঁ
মই গঁড়ৰ বাসস্থানৰ বাবে, হাতী হৰিণা বনৰীয়া পশু-পক্ষী হৈ থিয় হৈছোঁ
গোলামী দেশ স্বাধীন হোৱাৰ পিছত আকৌ গোলাম মোৰ দেশৰ নৰ-নাৰী পূজি পতিৰ বঙালী অধীনত কেনেকৈ থাকিব!
মই মোৰ আজু ককাহঁতে পাতিথোৱা ইংলে পথাৰখনৰ সুৰক্ষা বিচাৰোঁ
তাত মোৰ দোষ ক'ত ৰজাঘৰীয়া!
মই প্ৰণৱ দলে আই অসমীৰ গৰ্বিত গৰ্ভৰ সন্তান
মই লাচিতৰ দেশৰ, মই মহীচন্দ্ৰ মিৰিৰ দেশৰ
মই কমলামিৰি দেশৰ জাগ্ৰত প্ৰহৰী
মই মোৰ দেশৰ বাবে আই অসমীৰ বাবে জনতাৰ বাবে হাজাৰটা প্ৰশ্ন কৰিব পাৰোঁ মাত মাতিব পাৰোঁ
মই মোৰ অধিকাৰৰ বাবে অটল
মই মোৰ জনতাৰ বাবে হাজাৰবাৰ যুঁজিম
আকৌ মোৰ দৰে হাজাৰটা প্ৰণৱ দলেৱে ওলাই আহিব
আকৌ আকাশ বতাহ কঁপাই তুলিব
পুলিছে লাঠি চাৰ্জ কৰিব, জনতাই ক্ষোভত বেৰিকেড ভাঙি সোমাই যাব ভৱিষ্যতৰ সুৰক্ষাৰ বাবে
মই সহিম, মই যুঁজিম
জন্মভূমিৰ বাবে সহজ-সৰল মানুহখিনিৰ বাবে
নিস্পাপ জীৱ-জন্তুৰ বাবে
মই প্ৰণৱ দলে জয়মতীৰ জননীৰ পুত্ৰ
শৰীৰৰ প্ৰতিটো বিন্দুত তেজ থকালৈ মাতিম চিঞৰিম
কাজিৰঙা ধ্বংস নকৰিব
শান্তিৰে থাকিব দিয়ক
মই প্ৰণৱ দলে
প্ৰণৱ দলে
মই দেশদ্ৰোহী নহয়
মই অসমী আইৰ সন্তান।
অ মোৰ দেশৰ আপোন মানুহ
উঠা জাগা সাৰ পোৱা
জননী জন্মভূমিৰ বাবে
বেছি পৰ নাই অসমী আইৰ কপালত জিলিকি থকা জোনবাই পোহৰ কাঢ়ি এন্ধাৰ নামিবলৈ
বেলি মাৰ যোৱাৰ আগতেই দেশখন বচোৱা…
Doksiri দকচিৰি, অক্টোবৰ, ২০২৬

No comments:
Post a Comment