শক্তিৰ প্ৰতীক নাৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, September 30, 2026

শক্তিৰ প্ৰতীক নাৰী

 


শক্তিৰ প্ৰতীক নাৰী


                            জিতামণি গোস্বামী

                               চামগুৰি, নগাওঁ


ভয়..... কিয় কৰিম ভয়?

ভয় জানো লাগে ভূতলৈ,

লাগে জানো ভয় অশৰীৰী আত্মালৈ অথবা যাদু-মন্ত্ৰলৈ?

নাই, ভয় লাগে মাথোঁ সেই পিশাচবোৰলৈ, যিবোৰে চেপি চেপি তেজ চুহি খায়,

ভয় লাগে সেই মুখা পিন্ধা মানুহবোৰলৈ

যিবোৰে দিনৰ পোহৰত ভদ্ৰতাৰ অভিনয় কৰে

আৰু নিশাৰ অন্ধকাৰত নৰপিশাচ হৈ

নাৰীৰ সন্মানত আঘাত হানে।

কিন্তু আজিৰ নাৰী নহয় অবলা,

নাৰী শক্তিৰ প্ৰতীক

নাৰী সাহসৰ প্ৰতিচ্ছবি,

অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদৰ অগ্নিশিখা।

মহিষাসুৰৰ দৰে অসুৰক সংহাৰ কৰাদেৱী দুৰ্গাৰশক্তি 

নাৰীৰ পৰিচয়  

মই নাৰী, মই দুৰ্গা, 

মই চণ্ডিকা, মই সাহস, 

মই আত্মবিশ্বাস,

মোৰ পৰিচয় মোৰ আত্মসন্মান,

মই যুগে যুগে 

শক্তিৰ প্ৰতীক।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages