ঈশ্বৰৰ দোকানত
শ্যামল সৰকাৰ
গোৱালপাৰা
(১)
ঈশ্বৰৰ সন্ধানত মই গৈ দেখিলোঁ
এটা দোকান খুলি বহি আছে তেওঁ
তাত স্বৰ্গ বিক্ৰী কৰা হয়
আৰু বিনামূল্যে বিলাই দিয়া হয়,
নৰকৰ সমস্ত যাতনা।
(২)
এটা সপোন আন এটা সপোনক
তুচ্ছ তাচ্ছিল্য কৰে
টকাতে মানুহ আপোন পাহৰা।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৬


No comments:
Post a Comment