জয় জুবিনদা জয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, October 31, 2026

জয় জুবিনদা জয়

 


জয় জুবিনদা জয়


                          কুমাৰ উপাধ্যায়

                                   গোগামুখ 

                                           

ব্যক্তি যেতিয়া এখন সমাজলৈ ৰূপান্তৰ হয় 

ব্যক্তি যেতিয়া এটি অনুষ্ঠানলৈ ৰূপান্তৰ হয় 

ব্যক্তি তেতিয়াই এটা জাতিৰ জাতীয় নায়ক হয় 

ব্যক্তি তেতিয়াই এটা জাতিৰ আবেগ হৈ পৰে

তেনে ব্যক্তিৰ মৃত্যু নহয়,

বিনাশ নহয় 

তেনে ব্যক্তিজন দাহ্যও নহয়।


যাৰ মৃত্যু হল বুলি আমি 

জ্বলাই চাই কৰিলোঁ 

সেই ব্যক্তিৰ মৃত্যুৱেই হোৱা নাই, 

যি ব্যক্তি ঢলি পৰিল বুলি আমি ভাবিলোঁ 

তেওঁ ঢলা নাই, 

ঢলিব নোৱাৰে তেওঁ কাহানিও।


যিটো কাৰ্যক আমি অন্ত্যোষ্টিক্ৰিয়া বুলিলোঁ 

সেয়া জানো অন্ত্যোষ্টিক্ৰিয়া আছিল সঁচাকৈ? 

ভাবা চোন বন্ধু! 

যদিওবা পুৰি চাই কৰিলোঁ 

যদিওবা চিতাভষ্ম বিলালোঁ

এয়া আছিল এটা বিপ্লৱৰ সূচনাহে।


মুখাগ্নিও হৈ থকা নাছিল কেৱল মুখাগ্নি

হৈছিল মাংগলিক বন্তি প্ৰজ্বলন 

এটি বিপ্লৱৰ আৰম্ভণিত কৰা মংগলাচৰণ 

যিটো বিপ্লৱত নাছিল কোনো মাৰনাস্ত্ৰ

নাছিল বোমা 

নাছিল গোলা বাৰুদৰ গোন্ধ 

নাছিল কোনো আঞ্চলিক সীমাৰেখা

নাছিল কোনো ভাষিক বাধ্যতা, 

নাতো আছিল কাৰোবাৰ হাতত 

কোনো এটা নিৰ্দিষ্ট ধৰ্মৰ ধ্বজা 

না কোনো ৰাজনৈতিক সীমাবদ্ধতা

না কোনো অৰ্থনৈতিক বৈষম্যৰ প্ৰকাশ 

না কোনো উচ্চ নিচ্চৰ ভাৱ

আছিল কেৱল মানুহ আৰু মানুহ।


সেয়া আছিল এক বিপ্লৱ 

মানুহক ভাল পোৱা 

মানুহৰ বাবে চিন্তা কৰা 

মানুহৰ বাবে কাম কৰা

দুখীয়া নিচলাৰ দীনবন্ধু 

মহানায়কক অমৰ কৰাৰ বিপ্লৱ

শিল্পী সত্ত্বাক জীয়াই ৰখাৰ বিপ্লৱ

মানুহৰ মানৱীয় গুনক তুলি ধৰাৰ বিপ্লৱ।


যিটো বিপ্লৱৰ সকলো বিপ্লৱীৰ

হৃদয়ে হৃদয়ে বাজিছিল বিপ্লৱৰ মন্ত্ৰ 

“মোৰ কোনো জাতি নাই 

মোৰ ধৰ্ম নাই 

মোৰ ভগৱান নাই

মই মুক্ত 

মই কাঞ্চনজঙ্ঘা”

মুখে মুখে আছিল যেন একেটি শ্লোগান 

“জয়, জুবিনদা জয়

জয়, জুবিনদা জয়”।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages